ETV Bharat / state

ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া - উদ্বিগ্ন হৈ পৰা চৰকাৰ আৰু স্বাস্থ্য বিভাগে

সমগ্ৰ দেশৰ লগতে ৰাজ্যত দেখা দিছে ডিফথেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ। ১০ বছৰ আৰু ১৬ বছৰীয়া শিশু-কিশোৰৰ মাজত এই ৰোগ দেখা দিছে । যাৰ ফলত চৰকাৰৰ নিৰ্দেশ অনুসৰি ডিফথেৰিয়াৰ ভেকচিন দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব ধুবুৰীত।

ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া

author img

By

Published : Dec 12, 2020, 4:14 PM IST

ধুবুৰী,12ডিচেম্বৰঃ মহামাৰী ক’ভিড-১৯ ৰ দৰেই আন এক মহামাৰীক লৈ শংকিত এতিয়া চৰকাৰ । ডিফথেৰিয়া নামৰ আন এক মহামাৰী ৰোগ দেখা দিছে দেশৰ বিভিন্ন প্ৰান্ততৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত । ১০ আৰু ১৬ বছৰীয়া শিশু-কিশোৰৰ মাজত এই ৰোগ দেখা দিছে । সেয়ে উদ্বিগ্ন হৈ পৰা চৰকাৰ আৰু স্বাস্থ্য বিভাগে ১০ বছৰ আৰু ১৬ বছৰীয়া শিশু কিশোৰক টিটিনাচ ভেকচিনৰ লগতে ডিফথেৰিয়া ভেকচিন দিবলৈ সিদ্ধান্ত লৈছে।

ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া

উল্লেখযোগ্য যে, ক’ভিড-১৯ ৰ লক্ষণৰ দৰে একেই লক্ষণ দেখা দিয়া লোক সকলৰ দেহত সংক্ৰমিত হ’ব পাৰে ডিফথেৰিয়া। শনিবাৰে ধুবুৰী জিলা আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাই নিজ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত ডিফথেৰিয়া ৰোগৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মন্তব্য কৰাৰ লগতে অহা ১৪ ডিচেম্বৰৰ পৰা ২০ দিনীয়া কাৰ্যসূচী লৈ ভেকচিন দিয়া হ’ব বুলি উল্লেখ কৰে । অবিভক্ত ধুবুৰী জিলা খনৰ ২১, ৮৭, ৫৮৪ গৰাকী লোকৰ ভিতৰত ৮২ হাজাৰ ৩৬ গৰাকী হিতাধিকাৰী থকাৰ বিপৰীতে ২ হাজাৰ ৭৮৫ জনক টিটিনাচ ভেকচিনৰ লগতে ডিফথেৰিয়া ভেকচিন দিয়া হ’ব। ৰাইজক এইক্ষেত্ৰত সহযোগ কৰাৰ বাবে আহ্বান জনাইছে জিলা আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ এছ এম ইমদাদ উল্লাহৰ লগতে জিলা প্ৰতিষেধক বিষয়া ডাঃ জয়দেৱ ভট্টাচাৰ্যই।

ইপিনে,অহা ৩১ ডিচেম্বৰৰ ভিতৰত এই ভেকচিন দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব বুলি সদৰী কৰাৰ লগতে এই ভেকচিন দিয়া কাৰ্যত আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, চুপাৰভাইজাৰ , এএনএমনাৰ্চ, চিকিৎসক আদি নিয়োজিত হৈ থাকিব বুলি সদৰি কৰা হৈছে বিষয়া গৰাকীয়ে।

লগতে পঢ়কঃ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.