ধুবুৰী,10মাৰ্চঃ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত 2010 চনতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেখেতে কৈছিল দুই তিনি বছৰৰ ভিতৰত চিকিৎসালয় খনৰ নিৰ্মাণৰ কাম শেষ কৰি চিকিৎসা সেৱা আৰম্ভ কৰা হ’ব ৷ কিন্তু পৰিতাপৰ বিষয় যে 8 বছৰ পাৰ হৈ যোৱাৰ পিছতো নিৰ্মাণৰ কামেই সম্পূৰ্ণ নহ’ল মডেল হস্পিতালখনৰ।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰউন্নয়নৰবিজ্ঞাপন আওৰাই থকাৰ সময়তে এই দৃশ্যই বাৰুকৈয়ে উদঙাই দিছে স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবি। গাফিলতি কাৰ, স্বাস্থ্যমন্ত্ৰীনে ঠিকাদাৰৰ? তাকে লৈ এতিয়া স্বাস্থ্যমন্ত্ৰীলৈ প্ৰত্যাহবান শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ লগতে স্থানীয়ৰাইজৰ । অতি সোনকালে দুখীয়া ৰাইজৰ একমাত্ৰ চিকিৎসাৰ ভৰসা এই মডেল হস্পিতালখনৰ নিৰ্মাণৰ কাম শেষ কৰি,চিকিৎসা সেৱা আৰম্ভ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাৰ সম্পাদক শৰিফুল ইছলামৰ লগতে স্থানীয় জনতাই ।