ETV Bharat / state

Massive fire breaks out in Dhubri: ধুবুৰীত দুটাকৈ স্থানত ভয়ংকৰ অগ্নিকাণ্ড - Massive fire in Dhubri

ধুবুৰীত দুটাকৈ পৃথক স্থানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড (Massive fire breaks out in Dhubri)। অগ্নিকাণ্ডৰ ফলত তিনিটা পৰিয়ালৰ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

Massive fire in dhubri
ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
author img

By

Published : Mar 16, 2023, 10:23 AM IST

ধুবুৰী, 16 মাৰ্চ: ধুবুৰীত যোৱা বুধবাৰে নিশা দুটাকৈ পৃথক স্থানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড (Massive fire breaks out in Dhubri)। ধুবুৰীৰ ১৪ নং ৱাৰ্ডৰ হাজাৰীগাঁও অঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানসহ দুটা পৰিয়ালৰ বহুকেইটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

অঞ্চলটোৰ আব্দুছ ছালাম নামৰ ব্যক্তিজনৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানসহ পাঁচটাকৈ ঘৰ আৰু তেওঁৰ পুত্ৰ সাহা অলমৰ দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় । কিন্তু কিদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই (Fire Incident in Dhubri)।

ঘৰৰ গৰাকী আব্দুছ ছালামৰ মন্তব্য অনুসৰি, নিশা ঘৰৰ সকলো শুই থকা অৱস্থাতেই জ্বলি উঠিছিল তেওঁলোকৰ ঘৰ । জুইৰ লেনিহান শিখাই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰসহ প্ৰায় ৬-৭ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া আনন্দ সেনৰ নেতৃত্বত অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

আনহাতে অঞ্চলটোলৈ যোৱা মূল পথছোৱাৰ কিছু অংশ অতি ঠেক হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰৱেশ কৰিব পৰা নাছিল ঘটনাস্থলীত । ইয়াকেলৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

যোৱা বুধবাৰে দিনৰ ভাগতো ধুবুৰীত আন এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ধুবুৰীৰ বগুলামাৰী অঞ্চলত সংঘটিত হয় এই অগ্নিকাণ্ড । বগুলামাৰী অঞ্চলৰ ছামিম আহমেদ নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড (Massive fire in Dhubri)। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ছামিম আহমেদৰ ঘৰৰ সকলো আচবাব-পত্ৰ সহ বহু মূল্যবান সামগ্ৰী জুইত জাহ যায়।

ঘটনাৰ সম্ভেদ লাভ কৰি ধুবুৰী অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ফলত কথমপি ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটো। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি-পাঁচ লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায়। একে দিনাই পৃথক দুটাকৈ স্থানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত ৷

লগতে পঢ়ক : Superstition in Dhubri : ধুবুৰীত অন্ধবিশ্বাসৰ কবলত এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.