পশ্চিম বিলাসীপাৰা, 3 নৱেম্বৰ: মঙলবাৰে নিশা বিলাসীপাৰাৰ টিলাপাৰা বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এখন তৰ্জাৰ বেৰৰ দোকান।

জুইত জাহ যোৱা দোকানখন ভৈশবাতান গাঁৱৰ আলী আকবৰ মিঞাৰ বুলি জানিব পৰা গৈছে ৷ দোকানখনত মমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় 60 হাজাৰ টকাৰ ক্ষয়-ক্ষতি হয় ৷
ইয়াৰ পাচতে ঘটনাস্থলীত বিলাসীপাৰা আৰু চাপৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত দোকানখনৰ জুই নিৰ্বাপিত কৰা হয় ৷
লগতে পঢ়ক : ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ : থাপনাৰ চাকিৰ পৰা ভয়ানক অগ্নিকাণ্ড