ETV Bharat / state

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড:লক্ষাধিক মূল্যৰ সম্পত্তি বিনষ্ট - অগ্নিকাণ্ড

বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত জাহ যায় লক্ষাধিক মূল্যৰ সা-সম্পত্তিৰ লগতে পাঁচটাকৈ পৰিয়ালৰ প্ৰায় 15 টা বাসগৃহ ৷ ৰন্ধন গেছৰ পৰা নিৰ্গত হোৱা জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে অঞ্চলটোত ৷

Massive fire at bilasipara dhubri assam etv bharat news
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Aug 6, 2020, 8:35 AM IST

পশ্চিম বিলাসীপাৰা,6 আগষ্ট: ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা চতুৰ্থ খণ্ড গাঁৱত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত জাহ যায় সা-সম্পত্তিৰ লগতে পাঁচটাকৈ পৰিয়ালৰ 15 টা বাসগৃহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বুধবাৰে নিশা কলিমুদ্দিন শ্বেখ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা ভাত ৰান্ধি থকা অৱস্থাত ৰন্ধন গেছৰ পৰা নিৰ্গত হৈ জুইৰ সূত্ৰপাত ঘটে ৷ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা সূত্ৰপাত হোৱা জুইয়ে মুহুৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰি সম্প্ৰসাৰিত হয় নিকটৱৰ্তী ঘৰসমূহলৈ ৷

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড

ইফালে,জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ইতিপূৰ্বে বানে বিধ্বস্ত কৰা এলেকাটোত যাতায়াতৰ দুৰৱস্থাৰ বাবে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ পৰৱৰ্তী সময়ত ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় এই জুই ৷ এই অগ্নিকাণ্ডত পৰিয়ালকেইটাৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ উপৰিও ধান, মৰাপাট, সৰিয়হ আদিকে ধৰি প্ৰায় 30 লক্ষাধিক টকাৰ শস্যৰ লগতে অন্যন্য সা-সম্পত্তি ভষ্মীভূত হয় ৷

লগতে চাওকঃ আছুৰ ৰাজনৈতিক দল : পূৰণ কৰিব পাৰিবনে খিলঞ্জীয়াৰ আশা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.