ETV Bharat / state

ক'ভিড-19ৰ গণ সংক্ৰমণৰ দিশে বিলাসীপাৰা

author img

By

Published : Aug 4, 2020, 8:38 AM IST

ক'ভিড-19 ৰ গণ সংক্ৰমণৰ দিশে বিলাসীপাৰা ৷ ৰেপিড টেষ্টত ধৰা পৰিল 19 জনৰ দেহত ধৰা পৰিল ক'ভিড-19ৰ অৱস্থিতি ৷

ক'ভিড-19 ৰ গণ সংক্ৰমণৰ দিশে বিলাসীপাৰা
ৰেপিড টেষ্ট শিবিৰ

পশ্চিম বিলাসীপাৰা, 4 আগষ্ট : ক'ভিড-19ৰ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে বিলাসীপাৰা ৷ ৰেপিড টেষ্টত দেওবাৰে 19 জন লোকৰ শৰীৰত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ ফলত আজি পৰ্যন্ত বিলাসীপাৰাত মুঠ 19 জন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19 ৷

ক'ভিড-19 ৰ গণ সংক্ৰমণৰ দিশে বিলাসীপাৰা

বিলাসীপাৰা মহকুমা অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক নিত্য গোপাল সাহাসহ 19 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা এই কৰ'ণা আক্ৰান্তসকলক বিলাসীপাৰা মহকুমা আৰু ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

বিলাসীপাৰাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানত স্থাপন কৰা হৈছে ৰেপিড টেষ্ট শিবিৰ ৷ 19 জন লোকৰ দেহত ক'ভিড ধৰা পৰাৰ পাচতে বিলাসীপাৰা চহৰবাসী আতংকিত হৈ পৰিছে । আক্ৰান্ত লোকসকল চহৰখনৰ মাজ মজিয়াত থকা পূজা হোটেল এণ্ড ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী সহ 7 জন কৰ্মচাৰী, 2 জন মৎস্য বেপাৰী বুলি জানিব পৰা গৈছে । ইতিমধ্যে পূজা হোটেলখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ এসপ্তাহ ধৰি চলিব লগীয়া ৰেপিড টেষ্ট শিবিৰত আৰু অধিক লোক আক্ৰান্ত হোৱাটো এক প্ৰকাৰ নিশ্চিত ৷

লগতে পঢ়ক : মৰাণৰ ক’ভিড কেয়াৰ চেণ্টাৰত বেমেজালিৰ অভিযোগ উপায়ুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.