ETV Bharat / state

বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ বিতৰণ - মাৰোৱাৰী যুৱ মঞ্চ

বিলাসীপাৰাত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 414 গৰাকী লৈ বৃদ্ধি পাইছে | আনহাতে মৃত্যু হৈছে ৯ গৰাকীৰ ৷

MAROWARI YUBA MANCHA FREE OXIGEN DISTRIBUTE
বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ বিতৰণ
author img

By

Published : May 27, 2021, 10:43 PM IST

বিলাসীপাৰা, 27 মে’ : মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখাই | জন সেৱাই ঈশ্বৰ সেৱাৰ মূলমন্ত্ৰৰে আগবাঢ়ি অহা মাৰোৱাৰী যুৱ মঞ্চই জিলাখনত ক’ভিডত আক্ৰান্ত জটিল ৰোগীৰ মাজত বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰি আহিছে ৷ মঞ্চই বৰ্তমানলৈ জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক ক'ৰণা ৰোগীক যোগান ধৰিছে অক্সিজেন চিলিণ্ডাৰ ৷

বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ বিতৰণ

মঞ্চৰ সভাপতি গোলাপ লুনাৱতে জানিবলৈ দিয়া মতে, মঞ্চৰ বিষয়ববীয়াই 24 ঘন্টাই বিনামূলীয়াকৈ অক্সিজেনৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে ৷ অক্সিজেনৰ প্ৰয়োজন হোৱা লোকে যি কোনো সময়ত মঞ্চৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ উল্লেখ্য যে, ক'ভিড-19 বিলাসীপাৰাতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে | বিলাসীপাৰাত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 414 গৰাকী লৈ বৃদ্ধি পাইছে ৷ আনহাতে মৃত্যু হৈছে ৯ গৰাকীৰ ৷

লগতে পঢ়ক : বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.