ধুবুৰী, 15 আগষ্টঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইখনৰ পিছত সিখন গাঁও নিঃচিহ্ন কৰাৰ পিছতে বৰ্তমান অস্তিত্বৰ সংকটত পৰিছে দক্ষিণ শালমাৰা সমষ্টি । প্ৰতি বছৰৰ দৰে এইবেলিৰ বানপানী আৰু গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত ফকিৰগঞ্জ আৰু চতলাৰ পাৰৰ কেইখনমান ৰাজহ গাঁও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । অঞ্চলটোত বৃহস্পতিবাৰে উপস্থিত হ'ল জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ।
ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পিছতেই ফকিৰগঞ্জৰ পামপাৰা চতলাৰ পাৰ অঞ্চলত উপস্থিত হয় মন্ত্ৰী গৰাকী । স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত অঞ্চলটোৰ গৰাখহনীয়া পৰিদৰ্শন কৰি বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়৷ ইপিনে গৰাখহনীয়াৰ বুজ লোৱাৰ পিছত দক্ষিণ শালমাৰা সমষ্টিৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি উল্লেখ মন্ত্ৰী গৰাকীৰ ।