পূৱ বিলাসীপাৰা,6 জানুৱাৰী : পূৱ বিলাসীপাৰাৰ চাপৰত মঙলবাৰে নিশা জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ ৷ চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাস আৰু চাপৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত পুঠিমাৰী গাঁৱৰ এজন লোকৰ বাসগৃহত অভিযান চলাই জব্দ কৰে এই অবৈধভাৱে মজুত কৰি ৰখা কাঠখিনি ৷
জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷ অৱশেষত কাঠখিনি বহলপুৰ বনাঞ্চলিক বিষয়াক গতাই দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়ক : ক’ত আছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ ?