বিলাসীপাৰা, 23 এপ্ৰিল : বিলাসীপাৰাত আম আদমি পাৰ্টীত যোগদানৰ জোৱাৰ উঠিছে । আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা তথা বৰ্তমানৰ ৰাজনৈতিক নেতা জামাল হকৰ আপত যোগদানৰ পাছতেই বিলাসীপাৰাত আপত যোগদানৰ জোৱাৰ উঠিছে । নিতৌ শ শ কংগ্ৰেছী আৰু AIUDF ৰ নেতা-কৰ্মীয়ে আনন্দ নগৰ বাংগালীপাৰা গাঁও পঞ্চায়তৰ নিৰ্দলীয় সভাপতি জামাল হকৰ নেতৃত্বত যোগদান কৰিছে আম আদমী পাৰ্টীত (Joining in AAP at Bilasipara)।
বিলাসীপাৰাত কংগ্ৰেছ আৰু AIUDF ৰ মাজত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ আৰু AIUDF ত্যাগ কৰি বহু সক্ৰিয় নেতা-কৰ্মীয়ে যোগ দিছে আম আদমী পাৰ্টীত । দুদিন আগলৈকে কংগ্ৰেছী নতুবা AIUDF কৰ্মী হিচাপে পৰিচয় বহন কৰা এইসকল বিলাসীপাৰাবাসীৰ পৰিচয় সলনি হ’ল শনিবাৰে । এইসকল জনতাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি মোহিত হৈ যোগদান কৰে আম আদমি পাৰ্টীত (Arvind Kejriwal influences Assam)।
উল্লেখ্য যে, ইতিমধ্যে কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ কেৱল তৃণমূলৰ সদস্যই নহয়, ৰিপুন বৰাৰ দৰে জ্যেষ্ঠ নেতায়ো ত্যাগ কৰিলে দল ৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে ৰিপুন বৰাই ৷ কংগ্ৰেছৰ আন কেইগৰাকীমান চিৰ পৰিচিত নেতায়ো শীঘ্ৰে দল সলনিৰ সম্ভাৱনা থকা বুলি ইতিমধ্যে চৰ্চা চলি আছে ৷
লগতে পঢ়ক: জিগনেশৰ জামিন বিচাৰি দেওবাৰে সদলবলে কোকৰাঝাৰলৈ ভূপেন বৰা