ETV Bharat / state

Hospital problems in Bilasipara: নাই চিকিৎসক, নাই চিকিৎসালয়ৰ সামগ্ৰী - Hospital problems in Bilasipara

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনত উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ মাজতে পোহৰলৈ আহিছে ইয়াৰ এখন বিপৰীত ছবি ৷ বিলাসীপাৰাৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিলৈ ৷ চিকিৎসালয়খনক নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা আৰু চিকিৎসক ৷ ইয়াৰ মাজতে চিকিৎসালয়ৰ সামগ্ৰী স্থানান্তৰ কৰাৰ সিদ্ধান্ত চিকিৎসালয় কৰ্তৃপক্ষৰ (Medical supplies transfer to other hospitals)৷

Medical supplies transfer to other hospitals
চিকিৎসালয়ৰ বিলৈ
author img

By

Published : Jul 1, 2022, 2:02 PM IST

বিলাসীপাৰা, 1 জুলাই : বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ বিলৈ (Hospital problems in Bilasipara) ৷ অঞ্চলটোত অৱস্থিত একমাত্ৰ চিকিৎসালয়খনত চিকিৎসাৰ বাবে ব্যৱহৃত সামগ্ৰীসমূহ অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ (Medical supplies transfer to other hospitals) ৷

শুকুৰবাৰে বিলাসীপাৰাৰ দ্বীপৰকুটিত স্থানীয় ৰাইজে চিকিৎসালয়খনৰ সামগ্ৰীসমূহ স্থানান্তৰ কৰাৰ বিৰোধিতা কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Bilasipara) ৷ শ শ পুৰুষ মহিলাই হাতে হাতে হাতে প্লে' কাৰ্ড লৈ চিকিৎসালয়ৰ সামগ্ৰী অন্য ঠাইলৈ হস্তান্তৰ নচলিব, আমাক চিকিৎসক আৰু চিকিৎসা লাগিবই, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে ৰাজপথত উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

চিকিৎসালয়ৰ বিলৈ

উল্লেখ্য যে চিকিৎসালয়খনত 100 গৰাকী ৰোগীৰ বাবে বিচনা ঠিক হৈ থকাৰ পিছতো জৰুৰীকালীন ভাৱে 2 বা 3 গৰাকী প্ৰসূতিক ভৰ্তি কৰিব পৰাকৈহে বিচনা যুগুত আছে ৷ আনকি কোনো প্ৰসূতিৰ অৱস্থা যদি অধিক সংকটজনক হয় ৰোগীগৰাকীক চিকিৎসাৰ সলনি লগে লগে অন্য হাস্পতাললৈ স্থানান্তৰ কৰিবলগীয়া হয় ৷

এতিয়া ইয়াৰ পিছতে মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই চিকিৎসালয়খনত থকা চিকিৎসাৰ যাৱতীয় সামগ্ৰী অধিক পৰিমানে থকা বুলি কৈ অন্য হাস্পতাললৈ সামগ্ৰীসমূহ স্থানান্তৰ কৰাৰ ঘটনাই চকু কঁপালত তুলিছে দ্বীপৰকুটিবাসীৰ ৷ আনহাতে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমানে চিকিৎসক নাই বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদী লোকসকলে ৷ সৰু সুৰা দুই এটা ৰোগৰ বাহিৰে চিকিৎসালয়খনত কোনোধৰণৰ চিকিৎসাৰ সুবিধা নাই বুলি সংবাদমাধ্যমক জনায় স্থানীয় ৰাইজে ৷

প্ৰতিবাদকাৰী লোকসকলে চিকিৎসালয়খনত পৰ্যাপ্ত সামগ্ৰী আৰু চিকিৎসক নিয়োগ কৰি বিলাসীপাৰাৰ জনসাধাৰণৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনায় ৷

লগতে পঢ়ক : Happy atmosphere in Surat hospital: চুৰাট চিকিৎসালয়ত এদিনতে জন্ম ২৩ টা নৱজাতক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.