ETV Bharat / state

ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন - মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটো সমগ্ৰ দেশতে 'সু-শাসন দিৱস' হিচাপে পালন কৰা হৈছে । ধুবুৰীতো 'সু-শাসন দিৱস' উদযাপন । 'সু-শাসন দিৱস' উপলক্ষে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন ।

ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন
ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন
author img

By

Published : Dec 25, 2020, 8:43 PM IST

ধুবুৰী, ২৫ ডিচেম্বৰ: দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো জিলাই জিলাই প্ৰশাসনৰ উদ্যোগত পালন কৰা হৈছে 'সু-শাসন দিৱস' । প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় । শুকুৰবাৰে 'সু-শাসন দিৱস' উপলক্ষে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতো এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন
ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন

অনুষ্ঠানত চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন বিভাগৰ আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰোৱা হয় । ৰাইজে কিদৰে আঁচনিসমূহৰ জৰিয়তে উপকৃত হ'ব পাৰিব সেই বিষয়ে বিভাগীয় বিষয়াসকলে পৰামৰ্শ আগবঢ়ায় । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ ভাৰ্চুৱেল মাধ্যমেৰে পোনপটীয়াভাৱে শুনাৰো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয় । ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।

ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন
ধুবুৰীত 'সু-শাসন দিৱস' উদযাপন

আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । লগতে জিলাখনৰ প্ৰতিটো অঞ্চলৰ আত্ম সহায়ক গোটৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে । উল্লেখ্য যে, আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকীৰ দিনাই কেন্দ্ৰই কৃষকসকলৰ বাবে কৃষক সন্মান নিধিৰ সপ্তম কিস্তিও মুকলি কৰি দিছে ।

লগতে পঢ়ক:বাজপেয়ীৰ জন্ম বাৰ্ষিকীত 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.