ETV Bharat / state

গোলকগঞ্জ আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

গংগাধৰ নৈৰে গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা ৷ আৰক্ষীয়ে যোগান ধৰিলে নাঁৱৰ ৷

golakganj police suplies boat to students
author img

By

Published : Oct 31, 2019, 10:29 PM IST

গোলকগঞ্জ,31 অক্টোবৰ: চৰাঞ্চলৰ শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল ধুবুৰী আৰক্ষী ৷ গংগাধৰ নৈত টুলুঙা নাঁৱেৰে যাত্ৰা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰক্ষীয়ে যোগান ধৰিলে নাঁৱৰ ৷

গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল যাত্ৰাৰে গংগাধৰ নৈ পাৰ হৈ উত্তৰ কেদাৰ সীমান্ত এল, পি স্কুললৈ আহিব লগা হৈ আছিল ৷ এই গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি থকা স্থানীয় বিদ্যালয়খন ইপাৰৰ উত্তৰ কেদাৰ সীমান্ত এল, পি স্কুলৰ সৈতে চৰকাৰে একত্ৰিকৰণ কৰাত তেওঁলোকে এইদৰে নৈ পাৰ হৈ স্কুললৈ যাতায়ত কৰিবলগীয়া হৈ আছিল ৷ গোলোকগঞ্জৰ নালিয়া আৰক্ষীয়ে এইসকল কণ কণ শিশুৰ দুৰৱস্থা বুজিয়েই যোগান ধৰিছে নাঁও ৷ নাঁৱখনেৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে সুকলমে স্কুললৈ যাতায়ত কৰি নিজৰ শিক্ষাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ গোলোকগঞ্জৰ এই অঞ্চলৰ লোকসকলে নালিয়া আৰক্ষীৰ এই মহানুভৱতাৰ প্ৰশংসা কৰিছে ৷

ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰাৰ সমস্যাৰ সমাধান নালিয়া আৰক্ষীৰ

Intro:-চৰাঞ্চলৰ শিশুৰ মৌলিক অধিকাৰ ৰক্ষা কৰিৱলৈ বদ্ধপৰিকৰ ধুবুৰী আৰক্ষী ৷গংগাধৰ নৈৰ বাবে টুলুঙা নাৱেৰে পাৰাপাৰ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে আৰক্ষীয়ে যোগান ধৰিলে এখন নাৱৰ ৷ নাওখনেৰে নিতৌ পাৰাপাৰ হয় একাংশ কন কন ছাত্ৰ ছাত্ৰী ৷ কত আৰক্ষীৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ বাবে নাও ৷ চাওক আমাৰ এক প্ৰতিবেদন ৷৷

Body:শিক্ষা সকলোৰে বাবে ৷ সেয়া লাগিলে সমতল হওক বা চৰাঞ্চল নহওক কিয় ৷ এইক্ষেত্ৰত চৰাঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী কিয় বাদ পৰি ৰৱ শিক্ষাৰ মৈলিক অধিকাৰৰ পৰা ৷ সেয়েহে গোলকগঞ্জ আৰক্ষীয়ে চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰিলে এখন নাও ৷ নাওখনেৰে নিতৌ পাৰাপাৰ হয় অৰ্ধশতাধিক ছাত্ৰী ৷ গোলকগঞ্জৰ নালিয়া আৰক্ষীৰ নাও এইখন ৷ এনেদৰে নিতৌ পূৱা ৰৈ থাকে এই সকল কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে ৷ আৰু গংগাধৰ পাৰ হৈ বিদ্যালয় এইখন ৷ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই সকল ৷ আচলতে এই সকল ছাত্ৰ ছাত্ৰীৰো গংগাধৰৰ সীপাৰত আছিল এখন বিদ্যালয় ৷ কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে গাইখোৱা চৰৰ এওলোৰ বিদ্যালয়খন একত্ৰিকৰন কৰাত বাদ পৰিল নৈৰ সীপাৰৰ বিদ্যালয় খন সেয়েহে এতিয়া গংগাধৰ পাৰ হৈ আহিৱ লাগে এইখন উত্তৰ কেদাৰ সীমান্ত এল, পি স্কুললৈ ৷ আৰু নালিয়া আৰক্ষীয়ে এনেদৰে নাও যোগানেৰে শিশু সকলক ঘুৰাই দিছে এওলোকৰ মৌলিক অধিকাৰ ৷৷

BITE- নালিয়া আৰক্ষী ৷

BITE- বিদ্যালয় প্ৰধান শিক্ষক ৷

Conclusion:নালিয়া আৰক্ষীৰ এনে প্ৰসংসনীয় পদক্ষেপ এতিয়া গোলকগঞ্জত সকলোৰে মুখে মুখে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.