ETV Bharat / state

ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন মোডীৰ - আধাৰশিলা স্থাপন মোডীৰ

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসম আৰু মেঘালয়ক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া ফুলবাৰী দলংখনৰ ভাৰ্চুৱেল মাধ্যমেৰে আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই উপলক্ষে বৃহস্পতিবাৰে ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ৷

foundation stone dhubri fulbari bidge
ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন মোডীৰ
author img

By

Published : Feb 18, 2021, 5:43 PM IST

ধুবুৰী, 18 ফেব্ৰুৱাৰী : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসম আৰু মেঘালয়ক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া ফুলবাৰী দলংখনৰ ভাৰ্চুৱেল মাধ্যমেৰে আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই উপলক্ষে বৃহস্পতিবাৰে ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ৷ সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী ভৱেশ কলিতা আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু নজৰুল হক, অশ্বিনী ৰায় সৰকাৰ, নিজাণুৰ ৰহমান আদি উপস্থিত থাকে ৷

ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন মোডীৰ

দিল্লীৰ পৰা ৰিমট টিপি ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰি মোডীয়ে কয়, ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ লগতে নাগালেণ্ড, মিজোৰামৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰিব। লগতে ৰাজ্য কেইখনৰ মাজৰ দূৰত্ব বহুত কমি আহিব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ নদী পথৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি অসম এখন অগ্ৰণী ৰাজ্য হ'বলৈ গৈ আছে বুলি ভাৰ্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰী মোডীয়ে আশ্বাস প্ৰদান কৰে ৷

foundation stone dhubri fulbari bidge
ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন মোডীৰ

লগতে পঢ়ক: লখিমপুৰত শীতলীকৰণ ভঁৰালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.