ETV Bharat / state

কোটি কোটি ৰাজহ ফাঁকীৰে বনজ সম্পদৰ অবাধ লুন্ঠনৰাজ!

author img

By

Published : Jan 15, 2021, 5:21 PM IST

প্ৰত্যেক দিনে এখন ট্ৰাকত 1600 টকাকৈ ৰাজহ ফাঁকিৰে ধুবুৰীত চলি আছে সম্পদৰ অবাধ লুন্ঠনৰাজ ৷ অভিযোগ অনুসৰি বন বিষয়া বিজয় টি পলভি আৰু এগৰাকী ৰেঞ্জাৰৰ নেতৃত্বত ধুবুৰীত দীর্ঘদিনে চলি আহিছে শিল বালিৰ অবাধ ছিণ্ডিকেট । ইফালে,শুকুৰবাৰে ধুবুৰী আৰক্ষীৰ এক অভিযানত পুনৰ জব্দ হয় নথিবিহীন পাঁচ খনকৈ অবৈধ শিল ভৰ্তি ট্ৰাক ।

forest syndicate at dhubri  district
কোটি কোটি ৰাজহ ফাঁকীৰে বনজ সম্পদৰ অবাধ লুন্ঠনৰাজ

ধুবুৰী,15 জানুৱাৰী : ৰাজ্যৰ একাংশ দালালে আজিও অব্যাহত ৰাখিছে ছিণ্ডিকেটৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ লুন্ঠনৰাজ ৷ কয়লা,শিল-বালি,মূল্যৱান কাঠ আদিৰ ছিণ্ডিকেটে দালাল ৰূপী একাংশ বেপাৰীৰ পকেট গৰম কৰাই নহয় পকেট গৰম কৰিছে চৰকাৰী বিষয়া কৰ্মচাৰী লগতে একাংশ জনপ্ৰতিনিধিৰ ৷ এই অভিযোগ ৰাইজৰ ৷

বাৰম্বাৰ এই ছিণ্ডিকেটৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হয় কিন্তু ইয়াৰ প্ৰভাৱহে পৰিলক্ষিত নহয় ৷ ইয়াৰ বিপৰীতে পূৰ্ণ গতিত চলি থাকে চিণ্ডিকেটৰ জৰিয়তে সম্পদৰ অবাধ লুন্ঠনৰাজ ৷

কিয়নো বিগত সময়ত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ হোৱা পিচতো আজিকোপতি বন্ধ নহ'ল ধুবুৰীৰ বন বিভাগৰ বন ছিণ্ডিকেট ৷ অভিযোগ অনুসৰি বন বিষয়া বিজয় টি পলভি আৰু এগৰাকী ৰেঞ্জাৰৰ নেতৃত্বত ধুবুৰীত দীর্ঘ দিনে চলি আহিছে শিল বালিৰ অবাধ ছিণ্ডিকেট।

উল্লেখ্য যে,শুকুৰবাৰে ধুবুৰী আৰক্ষীৰ এক অভিযানত জব্দ হয় নথিবিহীন পাঁচ খনকৈ অবৈধ শিল ভৰ্তি ট্ৰাক। ইয়াৰ পিচতেই পুনৰ উত্থাপিত হয় ধুবুৰী বন বিষয়া বিজয় টি পলভি আৰু ধুবুৰী বন সংমণ্ডলৰ ৰেঞ্জাৰ হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত চলি থকা বন ছিণ্ডিকেটৰ অভিযোগ ৷

এক সুত্ৰই সদৰি কৰা মতে এই দুয়োগৰাকীৰ বিষয়াৰ নেতৃত্বত সাপট গ্ৰামৰ পৰা প্ৰতি দিনে শ শ ট্ৰাকত নথিবিহীন ভাৱে কঢ়িওৱা হয় শিল-বালি । ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে বিভিন্ন অঞ্চলত যোগান দিয়া হয় এই শিল আৰু বালি ।

প্ৰাপ্ত তথ্য অনুসৰি প্ৰত্যেকখন ট্ৰাকত প্ৰয়োজনত কৈ বহু পৰিমাণৰ শিল বালি কঢ়িয়াই নিয়াৰ লগতে এখন চালান দেখুৱাই প্ৰতি দিনে তিনি চাৰিবাৰ কৈ শিল-বালি সৰবৰাহ কৰা হয় । ইফালে এখন চালানত চৰকাৰে আঠ শ টকা লাভ কৰে যদিও চৰকাৰক এখন চালানৰ বিনিময়ত আঠ শ টকা দি বাকী দিনটোত চালান ফাঁকিৰে ট্ৰাকে ট্ৰাকে শিল বালি বৰবৰাহ কৰা হয় ৷

অৰ্থাৎ এখন চালানৰ নামত আঠ শ টকা চৰকাৰক দিয়া হৈছে যদিও প্ৰতিখন ট্ৰাকে দিনটোত কমেও ১৬০০ টকা ৰাজহ ফাঁকি দি আহিছে । অভিযোগৰ ভিত্তিত পোনচাতে ক'বলৈ গলে ধুবুৰী বন বিষয়া বিজয় টি পলভি আৰু ৰেঞ্জাৰ হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত মাহেকত কোটি কোটি টকা ৰাজহ ফাঁকিৰে চলোৱা হৈছে এই শিল-বালিৰ অবাধ ছিণ্ডিকেট ।

লগতে পঢ়ক : উজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.