ETV Bharat / state

Republic day celebration: প্ৰথমবাৰৰ বাবে ভাৰত-বাংলা সীমান্তত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন - ধুবুৰী জিলা প্ৰশাসন

ভাৰত-বাংলাদেশ সীমান্তত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ল গণৰাজ্য দিৱস ৷ এই অনুষ্ঠানত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ ধুবুৰী জিলা প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান (Republic day celebration on Indo Bangla border) ৷

Republic day celebration on Indo Bangla border
গণৰাজ্য দিৱস উদযাপন
author img

By

Published : Jan 26, 2023, 9:41 PM IST

ভাৰত বাংলা সীমান্তত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন

ধুবুৰী, 26 জানুৱাৰী: সীমান্তবাসী নাগৰিকৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ল দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ ইয়াৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে ভাৰত সীমান্তৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী বৰুৱাই । গণৰাজ্য দিৱস উপলক্ষে মন্ত্ৰীৰ সন্মুখত বি এছ এফে পৰিৱেশন কৰে দেশপ্ৰেমমূলক গীত, নৃত্য, বিহুগীত । এই অনুষ্ঠানতে বি এছ এফ জোৱানৰ মাজত মিঠাই বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Republic day celebration on Indo Bangla border) ।

উল্লেখ্য যে, ধুবুৰী নগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত আৰু সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সমীপতে থকা সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘পোন প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ মহান উপলক্ষ্যত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ত্ৰিৰংগ পতাকা উত্তোলন কৰি মই গৌৰৱবোধ কৰিছোঁ ৷ আজি মই গৌৰৱান্বিত এই কাৰণেও যে মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা এই ঠাইডোখৰ এক পৱিত্ৰ ভূমি ৷ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত, বীৰ চিলাৰায়ৰ সৈতে সম্পৰ্কিত এক বৈচিত্ৰপূর্ণ ভূমি’’ (Indo Bangladesh Border news)।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসম চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপসমূহৰ কথা সবিস্তাৰে উল্লেখ কৰে ৷ অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু এন চি চি কেডেটৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শনৰ পাচতে পৰিবহন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি বিভাগ আৰু ধুবুৰী পৌৰসভাই প্ৰতীকপট প্ৰদৰ্শন কৰে ৷ স্থানীয় সংস্কৃতি আৰু দেশাত্মবোধৰ প্ৰতিফলনেৰে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে (Republic Day celebration kin Dhubri) ৷

গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক অপৰ্না নটৰাজন প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, স্থানীয় বহু বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থী আৰু সীমান্তবাসী কেইবাশ লোকে ভাগ লয় ৷ ইয়াৰ পাচতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বি এছ এফৰ সত্ৰশাল সীমান্ত চকীত উপস্থিত হৈ অভিবাদন গ্ৰহণ কৰাৰ লগতে সীমান্ত সুৰক্ষাত নিয়োজিত জোৱানসকলৰ মাজত মিঠাই বিতৰণ কৰে ৷ তাতেই জোৱানসকলে প্ৰদৰ্শন কৰা গীত-নৃত্য উপভোগ কৰে মন্ত্ৰীগৰাকীয়ে ৷

জোৱানসকলক উদেশ্যি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয়, ‘‘আমি দেশ চলাও বুলি সকলোৱে ভাবে ৷ কিন্তু প্ৰকৃততে জোৱানসকলে সমৰ্পিত মনোভাৱেৰে অতন্দ্ৰ প্ৰহৰীৰ দৰে দায়িত্ব পালন কৰা বাবেহে দেশ চলে ৷ তেওঁলোক সীমান্তত থকা বাবেহে আমি সুখেৰে শুব পাৰে’’ ৷ ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে ৰামৰাইকুঠী সীমান্ত চকীৰ সন্মুখৰ ভাৰত-বাংলাদেশ সীমান্তৰ গেটেৰে প্ৰৱেশ কৰি ন' মেনছ লেণ্ডত থকা দুৰ্গা মন্দিৰত সেৱা জনায় ৷ মন্ত্ৰীগৰাকীয়ে সীমান্তৰ কাষতে অৱস্থিত শ্ৰীশ্ৰী ৰাম ৰাইকুঠী সত্ৰতো সেৱা জনায় ৷

লগতে পঢ়ক: Republic Day 2023 : নলবাৰীত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ গণৰাজ্য দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.