ETV Bharat / state

ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

এটা পৰিয়ালৰ ৰান্ধনিশালত হোৱা চিলিণ্ডাৰ বিস্ফোৰণত সম্পূৰ্ণৰূপে জাহ যায় দুটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ নষ্ট প্ৰায় পঞ্চাশ কুইন্টল সৰিয়হ ৷

চিলিণ্ডাৰ গেছ বিস্ফোৰণ
author img

By

Published : Apr 19, 2019, 4:32 PM IST

ধুবুৰী, 19 এপ্ৰিল : ধুবুৰীৰ ফকিৰগঞ্জত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ৰান্ধনিঘৰত হোৱা চিলিণ্ডাৰ গেছ বিস্ফোৰণত সম্পূৰ্ণৰূপে জাহ যায় দুটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ তথ্য অনুসৰি, ফকিৰগঞ্জ অঞ্চলৰ সোনাপাৰা গাঁৱৰ হাজি বাহেজ উদ্দিনৰ ৰান্ধনি ঘৰত পুৱাৰ আহাৰ প্ৰস্তুত কৰি থকাৰ সময়তে হঠাৎ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত সূত্ৰপাত হয় জুইৰ । লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো ৷ উক্ত অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জাহ যায় হাজি বাহেজ উদ্দিনৰ তিনিটাকৈ ঘৰৰ লগতে প্ৰতিবেশী আব্দুৰ ৰহমানৰ পাঁচটাকৈ বাসগৃহৰ ৷ লগতে এই অগ্নিকাণ্ডটোত বাহেজ উদ্দিনৰ ঘৰত থকা প্ৰায় পঞ্চাশ কুইন্টল সৰিয়হসহ সৰ্বমুঠ প্ৰায় দহ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।

চিলিণ্ডাৰ গেছ বিস্ফোৰণ

ইপিনে এই বিধ্বংসী জুইৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবেশী সামচুল হ'কৰ চাৰিটাকৈ ঘৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ফলত পৰিয়ালটোৰ প্ৰায় দুই তিনি লাখ টকাৰ সা সম্পত্তি নষ্ট হয় বুলি আশংকা কৰা হৈছে । আনহাতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় ।

SLUG- A_DHB_803_804_19APRIL_FIRE_VIS_SHAHANUR
( Files send through FTP )

      oc/vo:- ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। ৰান্ধনী ঘৰৰ পৰা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সম্পূৰ্ণ ৰূপে জাহ গল দুটা পৰিয়ালৰ পাঁচটা কৈ ঘৰ সহ বহু সা সম্পত্তি। আনহাতে ক্ষতিগ্ৰস্ত হল আন এটা পৰিয়ালৰ চাৰিটাকৈ ঘৰ। জানিব পৰা মতে, ফকিৰগঞ্জ অঞ্চলৰ সোনাপাৰা গাঁওৰ হাজি বাহেজ উদ্দিনৰ ৰান্ধনী ঘৰত পুৱাৰ অহাৰ প্ৰস্তুত কৰি থকাৰ সময়ত হঠাৎ গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয়। পাছত মুহূৰ্তৰ ভিতৰত গেছ চিলিণ্ডাৰটো বিস্ফোৰণ হয়। লগে লগে জুইয়ে আগুৰি ধৰে ৰান্ধনী ঘৰ সহ দুখনকৈ ঘৰ। এই অগ্নিকাণ্ডৰ ফলত বাহেজ উদ্দিনৰ ঘৰত থকা প্ৰায় পঞ্চাশ কুইন্টল সৰিয়হ সহ প্ৰায় দহ লাখ টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আনহাতে জুইৰ লেনীহান শিখাই মুহুৰ্তৰ ভিতৰত ছানি ধৰে প্ৰতিবেশী আব্দুৰ ৰহমানৰ ঘৰ। আব্দুৰ ৰহমানৰ পাঁচখন কৈ ঘৰ সম্পূৰ্ণৰূপে জাহ যায়। ফলত প্ৰায় দহ লাখ টকাৰ ক্ষতি সাধন হয় বুলি আশংকা কৰিছে ৰাইজে। ইপিনে ভয়ংকৰ জুইৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবেশী সামচুল হকৰ চাৰিটা ঘৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ফলত পৰিয়ালটোৰ প্ৰায় দুই তিনি লাখ টকাৰ সা সম্পত্তি নষ্ট হয় বুলি আশংকা কৰা হৈছে। এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিভিন্ন পন্থা অৱলম্বন কৰি জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিওঁ ব্যৰ্থ হয়। মুঠৰ ওপৰত এই অগ্নিকাণ্ডৰ ফলত তিনিটা পৰিয়ালৰ প্ৰায় বিশ লাখ টকাৰ সা সম্পত্তিৰ ক্ষতি সাধন হয় বুলি ৰাইজে আশংকা কৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.