পূৱ বিলাসীপাৰা,১ এপ্ৰিল: এটা ফেচবুক পোষ্টে ধুমুহাৰ সৃষ্টি কৰিছে নামনি অসমৰ বিলাসীপাৰা পূৱ সমষ্টিত । ৰাজ ৰাজু নামৰ এটা একাউণ্টৰ পৰা গৰিয়া-মৰিয়া দেশীসকলক লৈ বিৰ্তকিত মন্তব্যৰ পোষ্ট ফেচবুকত ভাইৰেল হোৱাৰ পাচত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ বিলাসীপাৰা সমিতিয়ে ।
গৰিয়া-মৰিয়া দেশীসকলক লৈ ফেচবুকত যি বিৰ্তকিত পোষ্ট ভাইৰেল হৈছে তাক লৈ তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৰিহণা দিছে সংগঠনটোৰ বিষয়-ববীয়াসকলে ৷ এই সন্দৰ্ভত আইনৰ কাষ চপাৰ কথাও সদৰী কৰিছে সংগঠনটোৰ বিষয়-ববীয়াসকলে ৷
লগতে পঢ়ক: জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ