ETV Bharat / state

চাপৰৰ ফলিমাৰীত জব্দ অবৈধভাৱে মজুত ৰখা পেট্ৰ’ল-ডিজেল - east bilashipara

চাপৰ আৰক্ষীয়ে ফলিমাৰী গাঁৱৰ পৰা জব্দ কৰে 400 লিটাৰ পেট্ৰ’ল আৰু ডিজেল ৷ আজমল হক নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা হয় পেট্ৰ’ল-ডিজেলখিনি ৷

চাপৰৰ ফলিমাৰীত জব্দ 400 লিটাৰ পেট্ৰল-ডিজেল

author img

By

Published : May 8, 2021, 9:32 PM IST

পূৱ বিলাসীপাৰা, 8মে' : পূৱ বিলাসীপাৰাৰ চাপৰত আৰক্ষীৰ সফল অভিযান । চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চাপৰৰ ফলিমাৰী গাঁৱৰ আজমল হক নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা ১৩০ লিটাৰ পেট্ৰল আৰু ২৭০ লিটাৰ ডিজেল মুঠ 400 লিটাৰ পেট্ৰল আৰু ডিজেল জব্দ কৰে । উক্ত পেট্ৰ’ল আৰু ডিজেল খিনি অবৈধভাৱে মজুত কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনা সংক্ৰান্তত আজমল হকক আটক কৰি চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

চাপৰৰ ফলিমাৰীত জব্দ 400 লিটাৰ পেট্ৰল-ডিজেল

উল্লেখ্য যে, আজমল হকে পূৰ্বেও অবৈধভাৱে পেট্ৰ’ল, ডিজেলৰ ব্যৱসায়ত জড়িত হৈ জেল খাটিব লগীয়া হৈছিল । জেলৰ পৰা ওলাই আহি পূৰ্বৰ একেটা ব্যৱসায়তে জড়িত হৈ চাপৰ আৰক্ষীৰ জালত পৰে ।

অন্য এক খবৰৰ বাবে: নিষ্ঠুৰ ক’ভিড : স্বামীক হেৰুৱাই হিয়া ধাকুৰি কান্দিছে এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.