ETV Bharat / state

কামালৰ কামাল: কাৰাগাৰৰ পৰা ওলাই আহিয়েই ঘৰতে চলালে ড্ৰাগছৰ বেহা

ৰাজ্যজুৰি ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation) ৷ কিন্তু কাৰাগাৰৰ পৰা ওলাই আহিও ড্ৰাগছৰ ব্যৱসায় নেৰিলে কামালে (Drugs paddler arrested in Dhubri) ৷

Drugs paddler arrested in Dhubri
কাৰাগাৰৰ পৰা ওলাই আহিয়েই ঘৰতে চলালে ড্ৰাগছৰ বেহা
author img

By

Published : Jul 17, 2022, 7:10 AM IST

ধুবুৰী, 17 জুলাই: ধুবুৰীত কামালৰ কামাল ৷ কাৰাগাৰৰ পৰা ওলাই আহিও স্বভাৱ সলনি নহ’ল কামালৰ ৷ এইবাৰ ঘৰৰ পৰাই চলালে ড্ৰাগছৰ বেহা ৷ শনিবাৰে ধুবুৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা কামাল নামৰ মাফিয়াটোৰ ঘৰত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জমা কৰি ৰখাৰ খবৰ লাভ কৰে (Drugs smuggling in Dhubri) ৷ লগে লগে আৰক্ষীয়ে এ এম কে ৰোড বজাৰ আৰক্ষী চকীৰ অধীনৰ বিদ্যাপাৰা অঞ্চলত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে বিশেষভাৱে সক্ষম কামাল শেখক (Anti drugs operation) ৷

কাৰাগাৰৰ পৰা ওলাই আহিয়েই ঘৰতে চলালে ড্ৰাগছৰ বেহা

ইয়াৰ পূৰ্বে ড্ৰাগছৰ গোচৰত কেইবাবাৰো জেললৈ গৈছিল কামাল ৷ শেহতীয়াকৈ জেইলৰ পৰা ওলায়েই এইবাৰ নিজ ঘৰতেই নিচাযুক্ত সামগ্ৰী জমা কৰি কামালে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ধুবুৰী আৰক্ষীয়ে কামালৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে কামালক (Drugs paddler arrested in Dhubri)৷

কেৱল কামালেই নহয়, ধুবুৰীৰ বিভিন্ন প্ৰান্তত বহু ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হৈ জেললৈ যোৱাৰ বিপৰীতে একাংশই এনকাউণ্টাৰৰ বলি হৈ চিৰদিনৰ বাবে ঘূণীয়া হ'ব লগীয়া হৈছে ৷ কিন্তু জেইলৰ পৰা ওলাই আহিয়েই অধিকাংশ সৰবৰাহকাৰীয়ে পুনৰ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ পৰে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক: Fake notes racket: জালনোট-নকল সোণৰ ব্যৱসায়ৰ বৃহৎ চক্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.