দক্ষিণ শালমাৰা, 30 নৱেম্বৰঃ দক্ষিণ শালমাৰাত নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী । য়ুবা ( YABA) নামৰ ৮১০০ টা নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ভালুক কান্দি গাঁৱৰ ৰিজাউল কৰিম নামৰ লোকজনক ৷ গোপন সূত্ৰৰ ভিত্তিতে সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ সৰবৰাহকাৰীজনক ৷ আনহাতে,অধিক তথ্যৰ বাবে ৰিজাউল কৰিমৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি সদৰী কৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে ৷
লগতে পঢ়কঃ গুৱাহাটীত নিৰ্মাণ কৰা হ'ল প্লাষ্টিকৰ পথ