ETV Bharat / state

পথাৰত নাই পানী : কুম্ভকৰ্ণ নিদ্ৰাত চাপৰৰ জলসিঞ্চন বিভাগ

author img

By

Published : Aug 12, 2021, 10:40 PM IST

"আছে গৰু নাবায় হাল থকাত কৈ নথকায় ভাল ।" ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগৰ ক্ষেত্ৰত যেন এতিয়া আখৰে আখৰে ফলিয়াইছে এইশাৰী বাক্য । এই বিভাগটোৰ কাৰণেই এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ কৃষকে । পথাৰত চিৰাল ফাঁট, কৃষকৰ মূৰে-কপালে হাত কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত জলসিঞ্চন বিভাগ ।

drought-situation-in-sapor-of-dhuburi-irrigation-department-is-in-deep-sleep
পথাৰত চিলাৰ ফাঁটঃ কুম্ভকৰ্ণ নিদ্ৰাত চাপৰৰ জলসিঞ্চন বিভাগ

পূৱ বিলাসীপাৰা, 12 আগষ্ট : এতিয়া ধান খেতিৰ ভৰপক সময় ৷ পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষক-ৰোৱনী সকল ৷ কিন্তু ইয়াৰ মাজতে খেতিৰ পথাৰত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে কেইবাখনো জিলাৰ লগতে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ শ-শ কৃষকে ৷ বৰষুণৰ অভাৱত এতিয়া চাপৰৰ পথাৰত মেলিছে চিৰাল ফাঁট ৷ কাণসাৰ নাই চাপৰৰ জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ ৷

উল্লেখ্য যে, ৰাজ্যৰ কৃষকে যাতে শালি আৰু আহু খেতিৰ সময়ত পানীৰ বাবে হাহাকাৰ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জলসিঞ্চন বিভাগ নামৰ এটি বিয়াগোম বিভাগ প্ৰতিষ্ঠা কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে ৷ বিভাগটোৰ অধীনত চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ কৃষকে যাতে খেতিৰ বাবে যথা সময়ত পানী লাভ কৰে সেই উদ্দেশ্যে "চাপৰ উপ সংমণ্ডল"ৰ অধীনত ভকতগাঁও, সত্যপুৰ, চোছলাপাৰা, বহলপুৰ আৰু শ্ৰীগ্ৰামত পাঁচটা প্ৰকল্প স্থাপন কৰা হৈছিল ৷ কিন্তু সেইয়া মাত্ৰ নামতহে ৷

কুম্ভকৰ্ণ নিদ্ৰাত চাপৰৰ জলসিঞ্চন বিভাগ

লগতে পঢ়কঃ বিশ্ব হস্তী দিৱসত হাতীৰ বাবে 400 বিঘা মাটিত ৰোপন কৰা হ’ল ধান

কাৰণ লাখ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত হোৱা প্ৰকল্প সমূহ বৰ্তমান সম্পূৰ্ণৰূপে বিকল ৷ একাংশ বিষয়া কৰ্মচাৰীৰ চৰম হেমাহি আৰু দায়িত্বহীনতাৰ বাবে এই প্ৰকল্প সমূহ এতিয়া ধ্বংসৰ গৰাহত ৷

একমাত্ৰ এই অৰ্কমন্য বিভাগটোৰ বাবেই এতিয়া ৰাজ্যৰ খাটিখোৱা কৃষক সকলে মূৰে-কপালে হাত দিব লগীয়া পৰিস্থিত হৈছে ৷ নিঃশেষ হৈ যাব ধৰা প্ৰকল্প সমূহ ৰক্ষা কৰিবলৈ তথা নিজৰ দায়িত্বক আওকাণ কৰি কেৱল চৰকাৰী দৰমহাৰ মুনাফা আদায় কৰি বিলাসিতা জীৱন অতিবাহিত কৰা কৰ্মচাৰী সকলৰ বিৰুদ্ধে চৰকাৰে কি বিহীত ব্যৱস্থা লয় সেইয়া সময়ত হে পৰিলক্ষিত হ'ব ৷

মন কৰিবলগীয়া যে, শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া খৰাং পৰিস্থিতিয়ে উদঙাইছে জলসিঞ্চন বিভাগৰ পঁয়ালগা ছবিখন ৷ যেন নামতহে আছে এই বিভাগটো ৷ চৰকাৰী নেতা-পালিনেতাৰ মুখত আখৈ খুটাদি ফুটা কৃষি বিভাগৰ উন্নয়ন যেন এতিয়া সভাৰ ভাষণতে সীমাবদ্ধ ৷

লগতে পঢ়কঃ অভিযন্তা নে চোৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.