পশ্চিম বিলাসীপাৰা,12 মে': কৰ’ণাৰ প্ৰভাৱে দৰিদ্ৰ লোকসকলক সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে ৷ তেনে সময়তে বিলাসীপাৰাৰ দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰশংসনীয় কাৰ্যক সকলোৱে শলাগ লৈছে ৷ 3 বছৰ পূৰ্বে বিলাসীপাৰাৰ চৰ অঞ্চলৰ কেইজনমান যুৱকে লগলাগি এই সংস্থাটোৰ জন্ম দিছিল ৷ তেতিয়াৰে পৰা গ্ৰুপটোৰ কৰ্মকৰ্তাসকলে অঞ্চলটোৰ দুখীয়া মানুহক সহায় কৰি আহিছে ।
উল্লেখ্য যে, যুৱক কেইজনে লগলাগি গাঁঠিৰ ধন এক গোট কৰি দুখীয়া মানুহক সহায়-সহযোগিতা আগবঢ়াই আহিছে । বুধবাৰে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত মাণিক বজাৰত পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে সংস্থাটোৱে দুখীয়া মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰে ।
লগতে পঢ়ক : হোমেন বৰগোহাঞি জাতীয় জীৱনৰ পিতৃস্বৰূপ আছিল : ড৹ অনিল শইকীয়া