ETV Bharat / state

চাপৰত যুৱ কংগ্ৰেছৰ খাদ্য সামগ্ৰী বিতৰণ

author img

By

Published : Jun 19, 2021, 10:30 PM IST

বিলাসীপাৰাৰ চাপৰত যুৱ কংগ্ৰেছে পালন কৰিছে ৰাহুল গান্ধীৰ জন্মদিন । জন্মদিন উপলক্ষে চাপৰ অঞ্চলত ১৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অসম যুৱ কংগ্ৰেছে ৷

ৰাহুল গান্ধীৰ জন্মদিনৰ উপলক্ষে চাপৰত যুৱ কংগ্ৰেছৰ খাদ্ৰ সামগ্ৰী বিতৰণ

পূৱ বিলাসীপাৰা, ১৯ জুন : আজি অৰ্থাৎ শনিবাৰে ৰাহুল গান্ধীৰ 49 সংখ্যক জন্মদিন ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হৈছে কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ জন্মদিন । ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিলাসীপাৰাৰ চাপৰত যুৱ কংগ্ৰেছে পালন কৰিছে ৰাহুল গান্ধীৰ জন্মদিন । জন্মদিন উপলক্ষে চাপৰ অঞ্চলত ১৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুৰ ছফিকুল ওৱাজিদে ।

ওৱাজিদে খাদ্য সামগ্ৰী বিতৰণ কৰি কয় যে, ক’ভিড মহামাৰীৰ এই সময়চোৱাত ৰাইজক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে যুৱ কংগ্ৰেছে । যুৱ কংগ্ৰেছে বিতৰণ কৰা খাদ্য সামগ্ৰী সমূহৰ ভিতৰত আছিল চাউল, মিঠাতেল, দাইল, আলুকে ধৰি কিছু প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ শনিবাৰে ৪৯ সংখ্যক জন্মদিনৰ উপলক্ষে ৰাহুল গান্ধীক শুভেচ্ছা জনায় কংগ্ৰেছৰ নেতা–কৰ্মীসকলে ।

চাপৰত যুৱ কংগ্ৰেছৰ খাদ্য সামগ্ৰী বিতৰণ

ইপিনে কংগ্ৰেছে নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ওপজা দিনৰ ওলগ জনায় ।

ভিডিঅ’টোত ৰাহুল গান্ধীৰ কিছু স্মৰণীয় মুহুৰ্ত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাহুল গান্ধীৰ ৫ টা কথা হাইলাইট কৰি ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে ৷ আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জনায় ৷ টুইটাৰত মোডীয়ে লিখিছে ‘কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক জন্মদিনৰ শুভকামনা । মই তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰিছো’ ৷

ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱ কংগ্ৰেছ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ৷ বিভিন্ন অঞ্চলত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ যাতে এই মহামাৰী ক’ৰণাৰ ফলত শ্ৰমজীৱি মানুহসকলক এমুঠি খাদ্যৰ যোগান ধৰিব পাৰে, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.