ETV Bharat / state

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰীঃ তৎপৰ আৰক্ষী - ৰৌনক আলী হাজৰিকা

গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী সদায় সষ্টম ৷ কয়লাৰ ছিণ্ডিকেটৰ সৈতে আৰক্ষীৰ নাম সাঙুৰ খোৱা ঘটনাক বৈজ্ঞানিক বিশ্লেষণেৰে তদন্ত কৰাৰ আশ্বাস ডি আই জি ৰৌনক আলী হাজৰিকাৰ ৷

ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাচতে তৎপৰ আৰক্ষী
author img

By

Published : Jun 12, 2019, 10:17 PM IST

ধুবুৰী, 12 জুন : ৰাজ্যৰ লগতে ধুবুৰীত চলি থকা গৰুৰ লগতে শিল,কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাচতেই এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাচতেই বুধবাৰে ধুবুৰীত উপস্থিত হয় অসম পশ্চিম সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকা ৷ ধুবুৰীত আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে বৈঠক মিলিত হয় আৰক্ষী উপ-মহাপৰিদৰ্শকগৰাকী ৷

ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাচতে তৎপৰ আৰক্ষী

আৰক্ষীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাচতে ধুবুৰী আৰু সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত উপস্থিত হোৱা ডি আই জি ৰৌনক আলী হাজৰিকাক ছিণ্ডিকেট আৰু চোৰাং কাৰবাৰ সম্পৰ্কে সাংবাদিকে প্ৰশ্নৰ উত্তৰত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী সদায় সষ্টম হৈ থকাৰ লগতে ইতিমধ্যে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভিন্ন স্থানত অভিযান চলাই ১২ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং গৰু জব্দ কৰা হৈছে বুলি উল্লেখ কৰে ডি আই জি গৰাকীয়ে । ইপিনে গৰুৰ লগতে সোনাহাট বাণিজ্য কেন্দ্ৰৰ শিল কয়লাৰ ছিণ্ডিকেটৰ সৈতে আৰক্ষীৰ নাম সাঙুৰ খোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনা এক বৈজ্ঞানিক বিশ্লেষণেৰে তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ ।

Intro: আজি হঠাৎ ধুবুৰীত আৰক্ষীৰ ডি আই জি। ৰাজ্যেৰ লগতে ধুবুৰীত চলি থকা গৰুৰ লগতে শিল কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে চৰম সকীয়ানি প্ৰদান কৰাৰ পিছত তৰা নৰা ছিঙি দৌৰিছে অসম আৰক্ষী। আজি হঠাৎ ধুবুৰীত উপস্থিত হল অসম পশ্চিম সংমণ্ডলৰ ডি আই জি ৰৌনক আলী হাজৰিকাই। ধুবুৰীত আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে বৈঠক সম্পূৰ্ণ কৰি সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত গৈ উপস্থিত হয়।

Body: ৰাজ্যৰ আন ঠাইৰ দৰে তুলনামূলকভাৱে ধুবুৰী জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ছিণ্ডিকেটৰাজ। যোৱা কেইটা বছৰৰ দৰে এইবেলিও ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত বাংলা সীমান্তৰ বিভিন্ন সীমান্ত অঞ্চলেদি অবাধ হাৰত ভাৰতীয় গৰুবিভিন কৌশলেৰে বাংলাদেশত চলান দি আহিছে। নদী সীমান্ত আৰু স্থল সীমান্তই দি দৈনিক শ শ চোৰাং গৰু আৰু মহ বাংলাদেশ লৈ চোৰাং চলন দি অহাৰ ফলত ধুবুৰীত গৰুৰ চোৰাং কাৰবাৰৰ এক ঘাটি হিচাপে পৰিণত হৈছে। এক কথাত কবলৈ গলে বাংলাদেশলৈ চোৰাং কাৰবাৰৰ দুৱাৰ মুখ হৈ পৰিছে ধুবুৰী। দীৰ্ঘ দিনৰে পৰা বিভিন্ন মহলে গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰাৰ পিছতো আৰক্ষীয়ে তেনে ব্যৱস্থা গ্ৰহণ কৰা নাই। ধুবুৰী আৰক্ষীয়ে চোৰাং গৰু বেপাৰীক নাকী লগোৱাৰ পৰিৱৰ্তে ওলোটাই গোপন বুজাবুজিৰ ভিত্তিত চোৰাং কাৰবাৰত চোৰাং কাৰীক সেউজ সংকেত দি আহিছে বুলি অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

ইপিনে গৰুৰ চোৰাং কাৰবাৰৰ সমান্তৰালকৈ ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাংলাদেশ লৈ শিল কয়লা ৰপ্তানীৰ নামতো বৃহৎ ছিণ্ডিকেট গঢ় লৈ উঠিছে। অভিযোগ মতে, ৰাজনৈতিক আৰু অৰাজনৈতিক ভাবে গঢ় লৈ উঠা আঘোষিত এ বি ছিণ্ডিকেটৰ বিষয়টো বাৰুকৈয়ে চর্চা লৈ আহিছে। আৰক্ষী, শুল্ক বিভাগ, পৰিবহণ বিভাগ আৰু বন বিভাগে স্থানীয় একাংশৰ সৈতে মিলি পৃথকে পৃথকে ছিণ্ডিকেটৰ জৰিয়তে লুটিবলৈ আৰম্ভ কৰিছে কোটি কোটি টকা। এই ভয়াৱহ ছিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সকলো প্ৰকাৰ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ভাবে নিৰপেক্ষ তদন্ত কৰাৰ বাবে যোৱা কালি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানক। মুখ্যমন্ত্ৰীৰ ধমক খাই তৰা নৰা চিগা অসম আৰক্ষীয়ে নামি পৰিছে তদন্তত।

আজি ধুবুৰী আৰু সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত উপস্থিত হোৱা ডি আই জি ৰৌনক আলী হাজৰিকাক ছিণ্ডিকেট আৰু চোৰাং কাৰবাৰ সম্পৰ্কে প্ৰশ্ন কৰাত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে আৰক্ষীয়ে সদায় সষ্টম বুলি কৈ ইতিমধ্যে ধুবুৰী আৰু দক্ষিণ শালমাৰা ভিন্ন স্থানত অভিযান চলাই ১২ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং গৰু জব্দ কৰা হৈছে বুলি উল্লেখ কৰে। লগতে গৰুৰ লগতে সোনাহাট বাণিজ্য কেন্দ্ৰৰ শিল কয়লাৰ ছিণ্ডিকেটৰ সৈতে আৰক্ষীৰ নাম সাঙোৰ খোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনা এক বৈজ্ঞানিক বিশ্লেষনেৰে তদন্ত কৰা হব বুলি উল্লেখ কৰে।

Byte:- DIG

Conclusion: অৱশ্যে মুখ্যমন্ত্ৰী সোণোৱালে কোৱা দৰে আৰক্ষীয়ে কি দৰে তদন্ত প্ৰক্ৰিয়া চলাই নিয়ে সেয়া হব লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.