ETV Bharat / state

Dibrugarh varsity students go missing: দ্বিতীয় দিনাও কোনো সন্ধান নাই শুভদ্বীপ আৰু প্ৰসিদ্ধৰ - Dibrugarh varsity students go missing in Arunachal Pradesh

সোমবাৰে পুৱাৰে পৰা অৰুণাচলৰ চিয়াং নদীত পুনৰ চলিল উদ্ধাৰ অভিযান (Rescue operation in Chiang River in Arunachal Pradesh) ৷ বাতৰি যুগুত কৰা পৰলৈকে অভিযানকাৰী দলটোৱে সন্ধানহীন শুভদ্বীপ পাল আৰু প্ৰসিদ্ধ সন্দিকৈৰ কোনো সন্ধান লাভ কৰা নাই (Dibrugarh varsity students go missing in Arunachal Pradesh) ৷

Youth missing in Siang River
দ্বিতীয় দিনাও কোনো সন্ধান নাই শুভদ্বীপ আৰু প্ৰসিদ্ধৰ
author img

By

Published : Jul 18, 2022, 7:47 PM IST

Updated : Jul 18, 2022, 8:34 PM IST

জোনাই, ১৮ জুলাই : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰৰ সন্ধানত সোমবাৰে পুৱাৰে পৰা পুনৰ অৰুণাচলৰ চিয়াং নদীত চলিল জোনাই আৰু পাচিঘাটৰ SDRF বাহিনীৰ অভিযান ৷ বাতৰি যুগুত কৰা পৰলৈকে কোনো সন্ধানে পোৱা নাই দুই যুৱক শুভদ্বীপ পাল আৰু প্ৰসিদ্ধ সন্দিকৈৰ (Rescue operation in Chiang River in Arunachal Pradesh) ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সন্ধানহীন দুই ছাত্ৰৰ আত্মীয়ও ৷

তথ্য অনুসৰি, দেওবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰুণাচলৰ পূৱ চিয়াং জিলাৰ সদৰ পাছিঘাটতত পাঁচজন ছাত্ৰই ফুৰিবলৈ আহিছিল ৷ তাৰ পাচত ছাত্ৰকেইজনে খৰস্ৰোতা চিয়াং নদীৰ বুকুত গা ধুৱলৈ নামিছিল (Students went down to bathe in Chiang River) ৷ পাচিঘাটৰ ৰানাঘাটত বন্ধুৰ সৈতে চিয়াঙত গা ধুই থকা অৱস্থাতে হঠাৎ নিখোজ হৈছিল গহপুৰৰৰ শুভদ্বীপ পাল আৰু ডিব্ৰুগড়ৰ প্ৰসিদ্ধ সন্দিকৈ ।

দ্বিতীয় দিনাও কোনো সন্ধান নাই শুভদ্বীপ আৰু প্ৰসিদ্ধৰ

তাৰ পাচতে অঞ্চলটোত সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগে লগে খবৰ দিয়া হয় আৰক্ষী তথা প্ৰশাসনৰ লোকক ৷ ঘটনাৰ খবৰ পাই উক্ত স্থানত উপস্থিত হয় আৰক্ষী, প্ৰশাসনৰ লগতে SDRF বাহিনীৰ লোক ৷ আৰম্ভ কৰে অভিযান ৷ কিন্তু বহু সময় নদীত বিচাৰ খচাৰ কৰাৰ পাচতো কোনো সম্ভেদে লাভ কৰা নগ’ল সন্ধানহীন দুই ছাত্ৰৰ ৷

ক্ৰমাৎ আন্ধাৰ হৈ অহাত দেওবাৰে উদ্ধাৰ অভিযান স্থগিত কৰিব লগাত পৰে উদ্ধাৰকাৰী দলে ৷ তাৰ পাচত সোমবাৰে পুৱাৰে পৰা পুনৰ পাচিঘাট আৰু জোনাই SDRF বাহিনীয়ে যৌথভাৱে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে । তথ্য অনুসৰি, নিখোজ হৈ থকা দুই ছাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGDCA ৰ প্ৰসিদ্ধ সন্দিকৈ আৰু গহপুৰৰ সৌম্যদ্বীপ পাল BCAৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল ৷

লগতে পঢ়ক : Youth drowned while taking bath: চিয়াঙত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ

Last Updated : Jul 18, 2022, 8:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.