ETV Bharat / state

ধুবুৰীত প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় ৰে'লমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰীত জ্বলিল প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ।ৰেল বিভাগত নিযুক্তি প্ৰক্ৰিয়াত উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগত ধুবুৰীত প্ৰতিবাদ সাব্যস্ত জিলা যুৱ কংগ্ৰেছৰ ।

ধুবুৰীত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় ৰে'লমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Oct 19, 2019, 11:48 PM IST

ধুবুৰী,19 অক্টোবৰ: ৰেল বিভাগত নিযুক্তিৰ জালিয়াতিৰ অভিযোগ যুৱ কংগ্ৰেছৰ। সদ্যসতে ৰেল বিভাগত ৮৯৪ টা বিভিন্ন পদত নিযুক্তি দিয়া হৈছে যদিও উক্ত নিযুক্তি প্ৰক্ৰিয়াত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিৱনুৱা যুৱক যুৱতীক সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে উত্তৰ পূৰ্বাঞ্চলৰ নিৱনুৱাক বঞ্চিত কৰাৰ অভিযোগ তুলি আজি ধুবুৰী জিলা যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত উপৰি প্ৰধান মন্ত্ৰী,কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেল আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহৰ কৰাৰ লগতে প্ৰতিবাদীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী । লগতে চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলক বঞ্চিত কৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে ।

Intro:ধুবুৰীত জ্বলিল প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তোলিকা। ৰেল বিভাগত নিযুক্তি প্ৰক্ৰিয়াত উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগত ধুবুৰী জিলা যুৱ কংগ্ৰেছে ধুবুৰীত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

Body:
ৰেল বিভাগত নিযুক্তিৰ জালিয়াতিৰ অভিযোগ যুৱ কংগ্ৰেছৰ। সদ্যসতে ৰেল বিভাগত ৮৯৪ টা বিভিন্ন পদত নিযুক্তি দিয়া হৈছে যদিওঁ উক্ত নিযুক্তি প্ৰক্ৰিয়াত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক যুৱতীক সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাবে উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগ তুলি আজি ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি মূর্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিযুঁজ গোৱেল আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাব হুছেইন মণ্ডলৰ নেতৃত্বত হাতে হাতে দলীয় পতাকা আৰু বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে জিলা যুৱ কংগ্ৰেছে।

Byte:- আলতাব হুছেইন মণ্ডল, জিলা সভাপতি, যুৱ কংগ্ৰেছ

Conclusion:উল্লেখযোগ্য যে, চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলক বঞ্চিত কৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ কাৰ্য্যসূচী গ্রহণ কৰা হব বুলি চৰকাৰক সকীয়ানি প্ৰদান কৰে জিলা যুৱ কংগ্ৰেছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.