ETV Bharat / state

নৱমীৰ নিশা ধুবুৰীৰ মণ্ডপে-মণ্ডপে ভক্তৰ লানি নিছিগা শাৰী

author img

By

Published : Oct 7, 2019, 10:56 PM IST

ধুবুৰীৰ শান্তি নগৰ সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপ, ৰবীন্দ্ৰপল্লী সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপ, তিনি নম্বৰ বালুৰ চৰ সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপ আৰু সবুজ সংঘৰ পূজাই দৃষ্টি আকৰ্ষণ কৰিছে ধুবুৰীবাসীৰ ৷

ধুবুৰীৰ আকৰ্ষণীয় পূজা মণ্ডপসমূহ

ধুবুৰী, 7 অক্টোবৰঃ প্ৰতিবছৰেই দুৰ্গাপূজাৰ সময়ত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পূজা মণ্ডপ নিৰ্মাণৰ ক্ষেত্ৰত চলে এক আঘোষিত প্ৰতিযোগিতা ৷ কোনোবাই যদি লাখ লাখ টকা ব্যয় কৰি নিৰ্মান কৰিছে পূজা মণ্ডপ কোনোবাই আকৌ সামান্য খৰচতেই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ কোনোবাই যদি নৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰিছে। আন কোনোবাই আকৌ দাঙি ধৰিছে দেশ ভক্তিৰ অনন্য নিদৰ্শন ৷

ধুবুৰীৰ আকৰ্ষণীয় পূজা মণ্ডপসমূহ

ধুবুৰীৰ শান্তি নগৰ সাৰ্বজনীন দুৰ্গাপূজাত মূল পূজা মণ্ডপৰ কাষতে দেখুওৱা হৈছে দেশপ্ৰেমৰ অনন্য নিদৰ্শন ৷ জম্মু কাশ্মীৰৰ পুলৱামা আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় জোৱান সকলৰ আলোকচিত্ৰৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থাপন কৰা হৈছে এইখন পূজা মণ্ডপত ৷ আনহাতে ৰবীন্দ্ৰপল্লী সাৰ্বজনীন দুৰ্গাপূজা কমিটিয়ে নিৰ্মান কৰি উলিয়াইছে এক ব্যতিক্ৰমী পূজা মণ্ডপ ৷ এক প্ৰকাৰে কাৰ্টুন জগতত পৰিণত কৰা হৈছে এই পূজা মণ্ডপখনক ৷ মূল গেটৰ পৰা ভিতৰলৈকে কেৱল বিভিন্ন ধৰণৰ কাৰ্টুনেৰে সজাই তোলা হৈছে সমগ্ৰ মণ্ডপটো । টেৰাকটা শিল্প আৰু বিভিন্ন আকৰ্ষণীয় কার্টুনেৰে সাজি উলিওৱা এই মণ্ডপে সৰ্বসাধাৰণ ৰাইজৰ লগতে শিশু সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

সমান্তৰালকৈ ধুবুৰীৰ তিনি নম্বৰ বালুৰ চৰ সাৰ্বজনীন দুৰ্গাপূজা কমিটিয়ে সম্প্ৰতি নৱ প্ৰজন্মই আসক্ত হৈ পৰা এণ্ড্ৰইডৰ মোবাইল আৰু ড্ৰাগছৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে সাজি উলিয়াইছে এখন বিশেষ পূজা মণ্ডপ ৷ আনহাতে ধুবুৰীৰ সবুজ সংঘ আৰু ধুবুৰী আৰক্ষী চাউনি খেল পথাৰৰ সাৰ্বজনীন দুৰ্গাপূজায়ো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ দৃষ্টি ৷ তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত তৈয়াৰ কৰা হৈছে সবুজ সংঘৰ দুৰ্গা মণ্ডপ ৷ লগতে মণ্ডপৰ সন্মুখত ৰাজ্যৰ সবাতোকৈ ক্ষুদ্ৰতম চাবোনৰ মূৰ্তিৰ লগতে আন বহু শিল্পকলা প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে ৷

Intro: প্ৰতিবাৰেই দূৰ্গাপূজাৰ সময়ত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পূজা মণ্ডপ নিৰ্মাণৰ ক্ষেত্ৰত চলে আঘোষিত প্ৰতিযোগিতা। ইয়াৰে কোনোবাই যদি লাখ লাখ টকা ব্যয় কৰিও বিশেষ চমক সৃষ্টি কৰিব পৰা নাই। আন কোনোবাই আকৌ সামান্য খৰচতেই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কোনোবাই যদি নৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰিছে। আন কোনোবাই আকৌ দেশ ভক্তিৰ অনন্য নিদৰ্শন। ধুবুৰীৰ এনে চমক সৃষ্টি কৰা কেইটামান পূজা মণ্ডপ।

Body:(08):- এইখন হৈছে ধুবুৰীৰ শান্তি নগৰ সাৰ্বজনীন দূৰ্গাপূজা মণ্ডপৰ দৃশ্য। মূল পূজা মণ্ডপৰ কাষতে দেখুৱাইছে দেশ প্ৰেমৰ এক অনন্য নিদৰ্শণ। দৰাচলতে জম্মু কাশ্মীৰৰ পুলবোমা আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় জোৱান সকলৰ আলোকচিত্ৰৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এইখন পূজা মণ্ডপত। আনহাতে পুলবোমাৰ ভয়াৱহ দৃশ্য প্ৰদৰ্শন কৰি এই পূজা কমিটিয়ে আচলতে দেখুৱাইছে দেশ ভক্তিৰ এক অনন্য নিদৰ্শণ।

(09):- ইপিনে এইখন হৈছে ৰবীন্দ্ৰপল্লী সাৰ্বজনীন দূৰ্গাপূজা কমিটিৰ এক ব্যতিক্ৰমী পূজা মণ্ডপ। এক প্ৰকাৰ কাৰ্টুন জগতত পৰিণত কৰা হৈছে এইখন পূজা মণ্ডপ। মণ্ডপৰ মূল গেটৰ পৰা ভিতৰলৈকে কেৱল বিভিন্ন ধৰণৰ কাৰ্টুনেৰে সজাই তোলা হৈছে। টেৰাকটা শিল্প আৰু বিভিন্ন আকৰ্ষণীয় কার্টুনেৰে এই মণ্ডপটো সাজি উলিওৱাত সৰ্ব সাধাৰণ ৰাইজৰ লগতে শিশু কিশোৰ কিশোৰী সকলৰ বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

(10):- এইখন হৈছে তিনি নম্বৰ বালুৰ চৰ সাৰ্বজনীন দূৰ্গাপূজা কমিটিৰ পূজা মণ্ডপ। এই মণ্ডপটো সাধাৰণ ভাবে দেখিবলৈ পোৱা গলেও মণ্ডপৰ বিশেষত্ব অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ যি সময়ত এণ্ড্ৰইড মোবাইলৰ প্ৰতি আকৰ্ষিত হৈ নৱ প্ৰজন্ম ধ্বংসৰ গৰাহলৈ গতি কৰিছে। আনহাতে নৱ প্ৰজন্মই ড্ৰাগছৰ প্ৰতি আকৃষ্ট হৈ পৰিছে। তেনে সময়তে এই বিষয়বোৰৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে এই বিশেষ মণ্ডপ তৈয়াৰ কৰা হৈছে। এই পূজা মণ্ডপে বিশেষ ভাবে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

(11):- আনহাতে এইখন হৈছে ধুবুৰীৰ সবুজ সংঘ সাৰ্বজনীন দুৰ্গাপূজা কমিটিৰ বিশেষ পূজা মণ্ডপ। তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত তৈয়াৰ কৰা এই মণ্ডপেও চমক সৃষ্টি কৰা দেখা গৈছে। মণ্ডপৰ সন্মুখত ৰাজ্যৰ সবাতোকৈ ক্ষুদ্ৰতম চাবনৰ মূৰ্তিৰ লগতে আন বহু শিল্পকলা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাত বাৰুকৈয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

(12):- এইখন হৈছে ধুবুৰী আৰক্ষী চাউনি খেল পথাৰৰ সাৰ্বজনীন দূৰ্গাপূজা কমিটিৰ পূজা মণ্ডপ। জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আয়োজন কৰা দূৰ্গাপূজাৰ এই মণ্ডপেও বিশেষ ভাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

Conclusion: উল্লেখযোগ্য যে, ধুবুৰীৰ এশ চাৰিখন পূজা মণ্ডপৰ ভিতৰত উল্লেখিত পূজা মণ্ডপ সমূহে বিশেষ ভাবে চর্চালৈ আহিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.