ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থা বিক্ৰী হৈছেঃ ৰাম কৃষ্ণ ঘোষ

"এন আৰ চিক লৈ আছুৱে ইমানদিনে ৰাজনীতি কৰি আহিছে । এন আৰ চিক লৈ আছুৱে নষ্ট কৰি আহিছে ৰাজ্যৰ বাতাবৰণ । আনকি আছু বিক্ৰী হৈছে ।" ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাষিক সংখ্যালঘু পৰিষদৰ এখন অনুষ্ঠানত আছুক কঠোৰ সমালোচনা ভাষিক সংখ্যালঘু পৰিষদৰ উপ সভাপতি ৰাম কৃষ্ণ ঘোষৰ ৷

author img

By

Published : Nov 21, 2019, 5:55 PM IST

সদৌ অসম ছাত্ৰ সন্থা বিক্ৰী হৈছেঃ ৰাম কৃষ্ণ ঘোষ

ধুবুৰী,21 নৱেম্বৰ: সমগ্ৰ দেশজুৰি এন আৰ চি প্ৰযোজ্য হ'ব আৰু ১৯৫১ক ভিত্তি বৰ্ষ হিচাপে লোৱা হ'ব বুলি ৰাজ্য সভাৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰাৰ সমান্তৰাল কৈ ১৯৭১ ৰ ২৫ মাৰ্চ ভিত্তিবৰ্ষ লৈ অসমত হৈ যোৱা এন আৰ চি গ্ৰহণযোগ্য নহয় আৰু অসমতো ১৯৫১ চন ভিত্তি বৰ্ষ লৈ নতুনকৈ এন আৰ চি হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে সময়তে এই ঘোষণাক আদৰণি জনাইছে ৰাজ্যৰ ভাষিক সংখ্যালঘু পৰিষদে ।

সদৌ অসম ছাত্ৰ সন্থা বিক্ৰী হৈছেঃ ৰাম কৃষ্ণ ঘোষ

দেওবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাষিক সংখ্যালঘু পৰিষদৰ এখন অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত কেন্দ্ৰৰ সিদ্ধান্তক সমৰ্থন আগবঢ়োৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনাৰ লক্ষ্য কৰি লয় ভাষিক সংখ্যালঘু পৰিষদৰ উপ সভাপতি ৰাম কৃষ্ণ ঘোষে। তেওঁ কয় যে,আছুৱে এন আৰ চিক লৈ ইমান দিনে ৰাজনীতি কৰি আহিছে ৷ ইয়াৰ উপৰি আছুৱে অসমত লাখ লাখ বিদেশী থকা বুলি কৈ নষ্ট কৰি আহিছে পৰিৱেশ । লগতে নেতা গৰাকীয়ে কয় যে,দেশৰ স্বাধীনতাৰ সময়ত ভাষিক সংখ্যালঘু লোকৰ যথেষ্ট অৱদান আছে কিন্তু আছুৱে সেইবোৰ নাজানে। লগতে আছুক সৰু কেঁচুৱা বুলি সমালোচনা কৰে নেতাগৰাকীয়ে। আনকি আছু কাৰোবাৰ হাতত বিক্ৰী হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সমালোচনা কৰে ভাষিক সংখ্যালঘু নেতা গৰাকীয়ে ।

লগতে পঢ়ক:গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

Intro:এন আৰ চি লৈ আছুৱে ইমানদিনে ৰাজনীতি কৰি আহিছে। এন আৰ চি লৈ আছুৱে নষ্ট কৰি আহিছে ৰাজ্যৰ বাতাবৰণ। স্বাধীনতা আন্দোলনত ৰোল আছিলে ভাষিক সংখ্যালঘু ৰাইজৰ। আছুৱে নাজানে স্বাধীনতা আন্দোলনত কাৰ কাৰ ৰোল আছিলে। সেই কাৰণে আমি আছুক সৰু কেঁচুৱা বুলি কব পাৰি। আনকি আছু বিক্ৰী হৈছে। ঠিক এইদৰেই আছুক সমালোচনাৰে আজি থকাসৰকা কৰা দেখা গল ধুবুৰীত। কিন্তু কোনে আৰু কিয় আছুক সমালোচনা কৰিলে ধুবুৰীত।

Body:

দেশজুৰি এন আৰ চি হব আৰু ১৯৫১ ক ভিত্তি বৰ্ষ হিচাপে লোৱা হব বুলি ৰাজ্য সভাৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত সাহাই উত্থাপন কৰাৰ সমান্তৰাল কৈ ১৯৭১ ৰ ২৫ মাৰ্চ ভিত্তি বৰ্ষ লৈ অসমত হৈ যোৱা এন আৰ চি গ্ৰহণযোগ্য নহয় আৰু অসমতো ১৯৫১ চন ভিত্তি বৰ্ষ লৈ নতুনকৈ এন আৰ চি হব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে সময়তে এই ঘোষণাক আদৰণি জনাইছে ৰাজ্যৰ ভাষিক সংখ্যালঘু পৰিষদে। আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাষিক সংখ্যালঘু পৰিষদৰ এখন অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থাক সমালোচনাক লক্ষ্য কৰি ললে ভাষিক সংখ্যালঘু পৰিষদৰ উপ সভাপতি
ৰাম কৃষ্ণ ঘোষে। তেওঁ কয়ঃ আছুৱে এন আৰ চি লৈ ইমান দিনে ৰাজনীতি কৰি অহাৰ উপৰি অসমত লাখ লাখ বিদেশী থকা বুলি কৈ নষ্ট কৰি আহিছে পৰিৱেশ। লগতে নেতা গৰাকীয়ে দেশৰ স্বাধীনতাৰ সময়ত ভাষিক সংখ্যালঘু লোকৰ অৱদান আছে বুলি কৈ আছুৱে সেইবোৰ নাজানে। কাৰণ আছু সৰু কেঁচুৱা বুলি সমালোচনা কৰে। আনকি আছু কাৰোবাৰ হাতত বিক্ৰী হৈছে বুলিও সমালোচনা কৰিলে ভাষিক সংখ্যালঘু নেতা গৰাকীয়ে। কেৱল আছুকেই নহয় নেতা গৰাকীয়ে কংগ্ৰেছ দলকো সমালোচনা কৰে।

Byte:- ৰাম কৃষ্ণ ঘোষ, উপ সভাপতি, ভাষিক সংখ্যালঘু পৰিষদ, অসম।

Conclusion:এতিয়া আছুৱে ইয়াৰ প্ৰত্যুত্তৰত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.