ধুবুৰী,18 নৱেম্বৰঃ 70 দশকতে স্থাপিত হোৱা এখন ৰাজ্যিক পশু চিকিৎসালয়,পশু চিকিৎসালয় খন বৰ্তমান পশুৰে আৱাসত পৰিণত হৈছে ৷ চিকিৎসালয় নহৈ গোহালীৰ ৰূপ লোৱা এইখন ধুবুৰী জিলাৰ শিমূলতলা ৰাজ্যিক পশু চিকিৎসালয় ৷
দেখাত গোহালি কিন্তু চিকিৎসালয় ! - ধুবুৰী জিলা
সত্তৰৰ দশকতে নির্মাণ কৰা গৃহটো জহি খহি যোৱাৰ পিছত কেইবালাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হয় আন এটা গৃহ। কিন্তু গৃহ নিৰ্মাণ কৰিলেও চিকিৎসালয়ত নাই চিকিৎসাৰ সু ব্যৱস্থা ৷
দেখাত গোহালি কিন্তু চিকিৎসালয় !
ধুবুৰী,18 নৱেম্বৰঃ 70 দশকতে স্থাপিত হোৱা এখন ৰাজ্যিক পশু চিকিৎসালয়,পশু চিকিৎসালয় খন বৰ্তমান পশুৰে আৱাসত পৰিণত হৈছে ৷ চিকিৎসালয় নহৈ গোহালীৰ ৰূপ লোৱা এইখন ধুবুৰী জিলাৰ শিমূলতলা ৰাজ্যিক পশু চিকিৎসালয় ৷
Intro:
Body:মৃত্যুঘণ্টা বাজিছে নেকি ৰাজ্যৰ পশু চিকিৎসা বিভাগত। কাৰণ সত্তৰৰ দশকত স্থাপন হোৱা ধুবুৰীৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থাই তাকেই প্ৰমাণ কৰিছে। সম্প্ৰতি বন জংঘলেৰে আৱৰি চিকিৎসালয় খন পৰিণত হৈছে ভূত বাংলাত। চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ ৰিপোৰ্ট।
বন জংঘলে আৱৰি থকা এইখন কোনো ভূত বাংলা বুলি নাভাবিব। কাৰণ অবিশ্বাস্য যেন লাগিলেও এইখন এখন চৰকাৰী প্ৰতিষ্ঠান। ধুবুৰী জিলাৰ বৃহত্তৰ জৰুৱা বন্দিহানাৰ সাতটা কৈ গাঁও পঞ্চায়ত সামৰি লৈ সত্তৰৰ দশকত শিমূলতলাত স্থাপন কৰা হৈছিল শিমূলতলা ৰাজ্যিক পশু চিকিৎসালয়। প্ৰথমাৱস্থাত কেইবছৰ মান ইয়াৰ কৃষক ৰাইজ তথা গো পালক সকলে উপকৃত হৈছিল। যদিওঁ কাল ক্ৰমত যেন বিলীন হৈ গৈ আছে ৰাজ্যিক পশু চিকিৎসালয় খন। সত্তৰৰ দশকত নির্মাণ হোৱা গৃহটো লাহে লাহে জহিখহি যোৱাৰ পিছত কেইবালাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হয় আন এখন গৃহ। কিন্তু গৃহ নিৰ্মাণ কৰিলেও চিকিৎসালয়ত নাছিল কোনো চিকিৎসাৰ সু ব্যৱস্থা। ইপিনে আচাৰ্য্যজনক বিষয় যে, চিকিৎসাৰ কোনো সু ব্যৱস্থা নাথাকিলেও মৃত্যুপ্ৰায় ৰাজ্যিক পশু চিকিৎসালয়খন ঠিকে ঠাকেই চলিছে চৰকাৰী ফাইলত। যাৰ ফলত বিগত প্ৰায় চাৰি বছৰমান পুণৰ কেইবালাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হয় এইখন নতুন গৃহ। কিন্তু ৰাজ্যিক পশু চিকিৎসালয়ৰ সেইখন গৃহওঁ কালৰ গৰ্ভত যেন বিলীন হবলৈ ধৰিছে। জহি খহি যাবলৈ ধৰিছে নতুন গৃহটো।
উল্লেখযোগ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনতেই মৃত্যু মুখলৈ গতি কৰাৰ পিছত ইয়াৰ ৰাইজে যথেষ্ট চিন্তিত হৈ পৰিছিল। যদিওঁ ২০১৬ চনত ৰাজ্যত গঠন হোৱা পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ দিনত এইখন চিকিৎসালয়ত উন্নয়নৰ পোহৰ পৰিব বুলি আশা প্ৰকাশ কৰিছিল ইয়াৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ ৰাইজে। কিন্তু আজিও পৰিৱৰ্তনৰ মুখ নেদেখিলে ইয়াৰ সাতখন গাঁও পঞ্চায়তৰ ৰাইজে।
Byte:- ৰবিয়াল ইছলাম, জিলা সভাপতি, দক্ষিণ শালমাৰা মানকাচৰ ( বিজেপি ) সংখ্যালঘু মৰ্চা।
Conclusion:উল্লেখযোগ্য যে, এই অঞ্চলৰ পশুধন ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰিলেও কোনো চিকিৎসাৰ ব্যৱস্থা নাই। যাৰ ফলত সম্প্ৰতি নিজৰ পশুধনক লৈ চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা গো পালক সকলে। শীঘ্ৰেই পুণৰ ৰাজ্যিক পশু চিকিৎসালয় খনৰ গৃহ মেৰামতি কৰি চিকিৎসক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে ইয়াৰ ৰাইজে। যদিওঁ চৰকাৰ তথা নিদ্ৰাত ব্যস্ত থকা বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কি গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : Nov 18, 2019, 6:45 PM IST