ETV Bharat / state

ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজক শাস্তিমূলক বদলিৰ নিৰ্দেশ

author img

By

Published : Jul 17, 2020, 9:36 PM IST

এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙক । ইপিনে আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানে ধুবুৰীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত কৰি মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈও এক প্ৰতিবেদন দাখিল কৰে। আনহাতে গৰু ছিণ্ডিকেটৰ খল নায়কৰ ভূমিকাত থকা জিলা আৰক্ষী অধীক্ষকক 1st APBN ৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰাৰ বিপৰীতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ধুবুৰী জিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি ঘোষণা কৰা হৈছে।

Dhubri Superintendent of Police Yuvrajak orders disciplinary transfer

ধুবুৰী,17 জুলাইঃ অৱশেষত শাস্তিমূলক বদলি কৰা হ'ল ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজক ৷ প্ৰাথমিক তদন্তৰ বাবে আজি ধুবুৰীত উপস্থিত হৈ আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে তাৎক্ষণিক ভাৱে বদলিৰ নিৰ্দেশ দিয়ে ৷

শাস্তিমূলক বদলিৰ নিৰ্দেশ ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজক

উল্লেখযোগ্য যে,ধুবুৰীত চলি থকা চোৰাং গৰু আৰু বন ধ্বংসৰ বিশাল ছিণ্ডিকেট বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে প্ৰচাৰ হোৱাৰ সময়তে সাংবাদিকৰ মুখ বন্ধ কৰাৰ বাবে ধুবুৰী বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায়ে এটা ব্যক্তিগত চেনেলৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পিছতেই ধুবুৰী আৰক্ষীৰ এটা দলে বুধবাৰে নিশা শোৱাপাটীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক। ইয়াৰ পিছতেই শেষ নিশ্বাস ত্যাগ কৰিছিল সাংবাদিক ৰাজীৱ শৰ্মাৰ ৰূগীয়া পিতৃয়ে ৷

এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙক । ইপিনে আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানে ধুবুৰীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত কৰি মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈও এক প্ৰতিবেদন দাখিল কৰে।

আনহাতে গৰু ছিণ্ডিকেটৰ খল নায়কৰ ভূমিকাত থকা জিলা আৰক্ষী অধীক্ষকক 1st APBN ৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰাৰ বিপৰীতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ধুবুৰী জিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি ঘোষণা কৰা হৈছে।

এতিয়া প্ৰশ্ন হয়,গৰুৰ চোৰাং ছিণ্ডিকেটৰ খলনায়ক বুলি অভিযোগ উঠা আৰক্ষী অধীক্ষক যুৱৰাজক শাস্তিমূলক বদলি কৰা হৈছে যদিও আদম, ৰেড্ডীৰ দৰে কুখ্যাত গো মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে ? ইয়াৰ উপৰি বন ধ্বংসৰ ছিণ্ডিকেট চলোৱা বন বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে এতিয়া অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়কঃ ক'ভিড-19ত আক্ৰান্ত বিধায়কৰ পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.