ETV Bharat / state

দক্ষিণ শালমাৰাত শ শ পৰিয়ালৰ মাজত হাহাকাৰ - south salmara NRC

দক্ষিণ শালমাৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰীৰ NRC চিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে

দক্ষিণ শালমাৰাত শ শ পৰিয়ালৰ মাজত হাহাকাৰ
author img

By

Published : Sep 2, 2019, 11:25 PM IST

ধুবুৰী, 2 চেপ্তেম্বৰঃ 31 আগষ্টত প্ৰকাশ পোৱা বহু প্ৰত্যাশিত NRC ক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । সমান্তৰালভাবে হাহাকাৰৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰাৰ বৃহত্তৰ অঞ্চলৰ শ শ পৰিয়ালৰ মাজত । উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বহু জীয়ৰী বিবাহসূত্ৰে দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তৰ বাসিন্দা । NRC ৰ প্ৰথম খচৰাত সেই সকল মহিলাৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ ফলত NRC কৰ্তৃপক্ষৰ নিৰ্দেশ মতে মেঘালয়ৰ চৰকাৰৰ প্ৰশাসনৰ পৰা প্ৰয়োজনীয় নথি লৈ শুনানিত অংশগ্ৰহণ কৰিছিল যদিও চূড়ান্ত তালিকাত নাম নাহিল এই সকল মহিলাৰ ।

দক্ষিণ শালমাৰাত শ শ পৰিয়ালৰ মাজত হাহাকাৰ

দক্ষিণ শালমাৰাৰ শতাধিক মহিলাৰ নাম NRC ৰ পৰা কৰ্তন হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা আনিছুৰ ৰহমানে । দক্ষিণ শালমাৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰীৰ নাম NRC চিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে । এই সন্দৰ্ভত মেঘালয়ৰ জীয়ৰী সকলোৰ সুবিধাৰ্থে অসম-মেঘালয় সীমান্তত এখন ন্যায়িক আদালত স্থাপন কৰাৰো দাবী জনায় ।

Intro:দক্ষিণ শালমাৰাত শ শ মহিলাৰ মাজত হাহাকাৰ। মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰী হোৱাই যেন অপৰাধ। মেঘালয়ৰ পৰা অসমৰ বোৱাৰী হোৱা শ শ মহিলাৰ নাম এন আৰ চিৰ পৰা কৰ্তন হোৱাক লৈ সৃষ্টি হৈছে তীব্র প্ৰতীকৰBody:
৩১ আগষ্টত প্ৰকাশ পোৱা বহু প্ৰত্যাশিত এন আৰ চিক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ। সমান্তৰাল ভাবে হাহাকাৰৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰাৰ বৃহত্তৰ অঞ্চলৰ শ শ পৰিয়ালৰ মাজত। উল্লেখ্য যে দক্ষিণ শালমাৰাৰ বিভিন্ন এলেকাত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ শ জীয়ৰীৰ দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত বিবাহ হৈছে। এন আৰ চিৰ প্ৰথম খচৰাত সেই সকল মহিলাৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ ফলত এন আৰ চি কৰ্তৃপক্ষৰ নিৰ্দেশ মতে মেঘালয়ৰ চৰকাৰৰ প্ৰশাসনৰ পৰা প্ৰয়োজনীয় নথি লৈ জাননীত অংশগ্ৰহণ কৰিছিল যদিওঁ চূড়ান্ত তালিকাত নাম নাহিল এই সকল মহিলাৰ। ফলত হাহাকাৰৰ সৃষ্টি হৈছে সকলোৰে মাজত। দক্ষিণ শালমাৰাৰ শতাধিক মহিলাৰ নাম এন আৰ চিৰ পৰা কৰ্তন হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা আনিছুৰ ৰহমানে। দক্ষিণ শালমাৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে। এই সন্দৰ্ভত মেঘালয়ৰ জীয়ৰী সকলোৰ সুবিধাৰ্থে অসম-মেঘালয় সীমান্তত এখন ন্যায়িক আদালত স্হাপন কৰাৰ দাবী জনায়।

Byte:- আনিছুৰ ৰহমান, উপদেষ্টা দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতি।Conclusion: উল্লেখযোগ্য যে, বহিঃৰাজ্য মেঘালয় বা পশ্চিম বংগৰ জীয়ৰী অসমৰ বোৱাৰী হৈ অহাটোৱেই যেন এক অপৰাধ হৈ পৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.