ETV Bharat / state

ধুবুৰী পৌৰসভাৰ ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আঁচনিৰ শুভাৰম্ভণি

author img

By

Published : Jan 8, 2020, 7:55 PM IST

ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আঁচনিৰ শুভাৰম্ভণি কৰে ধুবুৰী পৌৰসভাই ৷ স্বচ্ছ ভাৰত (নগৰ) আঁচনিৰ অধীনত পৌৰসভাই বুধবাৰে বিতৰণ কৰে 8 হাজাৰ ডাষ্টবিনৰ লগতে 32খন ট্ৰাই-চাইকেল আৰু দুখন ডাম্পাৰ ৷

ধুবুৰী পৌৰসভাৰ ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আঁচনিৰ শুভাৰম্ভনি

ধুবুৰী, 8 জানুৱাৰীঃ স্বচ্ছ ভাৰত (নগৰাঞ্চল)ৰ অধীনত ধুবুৰী পৌৰসভাই আৰম্ভ কৰিছে জাৱৰ নিষ্কাশনৰ কাম ৷ বুধবাৰৰ পৰা পৌৰসভাই শুভাৰম্ভণি কৰে ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহৰ কাম ৷

Dhubri Municipality Board starts door to door garbage collection project
ট্ৰাই-চাইকেলৰ সৈতে জিলা উপায়ুক্ত

যাৰ বাবে পৌৰসভাই 16টাকৈ ৱাৰ্ডৰ বাবে বিতৰণ কৰে 8 হাজাৰ ডাষ্টবিন,32খন ট্ৰাই-চাইকেল আৰু দুখনকৈ ডাম্পাৰ ৷ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এই আঁচনি শুভাৰম্ভনি কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ সভানেত্ৰী পুষ্প মালোৰ লগতে পৌৰসভাৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ তথা অন্যান্যসকল ৷

পৌৰসভাই বিতৰণ কৰা ট্ৰাই-চাইকেলসমূহ

আঁচনিৰ শুভাৰম্ভনি কৰা মূহুৰ্ত

অনুষ্ঠানত উপস্থিত থকা ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে ৰাইজক স্বচ্ছতাৰ পথ অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে,জাৱৰ সংগ্ৰহৰ বাবে পৌৰসভাই প্ৰতিখন ঘৰৰ পৰা এক টকা,দোকানৰ পৰা দুই টকা আৰু ৰেষ্টুৰেন্টৰ পৰা দহ টকাকৈ প্ৰতিদিনে সংগ্ৰহ কৰিব ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ বিৰুদ্ধে শ্ৰদ্ধা চাহুৰ নীৰৱ যুঁজ

Intro:স্বচ্ছ ভাৰত অভিযান আঁচনিৰ অধীনত আজি ধুবুৰী পৌৰসভাই বিতৰণ কৰিলে আঠ হাজাৰ ডাষ্টবিন। ঘৰে ঘৰে যাবৰ সংগ্ৰহ কৰাৰ বাবে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

Body: ঘৰে ঘৰে যাবৰ সংগ্ৰহৰ বাবে ধুবুৰী পৌৰসভাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্বচ্ছ ভাৰত অভিযান ( নগৰীয়া ) আঁচনিৰ অধীনত ধুবুৰীৰ মুঠ ১৬ খন ৱাৰ্ডৰ বাবে ৮ হাজাৰ ডাষ্টবিন বিতৰণ কৰাৰ লগতে ৩২ তকৈ ডাষ্টবিন সহ ট্ৰাই চাইকেল আৰু দুখনকৈ ডাম্পাৰ শুভ উদ্বোধন কৰে। এই সন্দৰ্ভত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত জিলা উপায়ুক্ত আনন্তলাল জ্ঞানী, পৌৰনেত্ৰী পুষ্প মালোৰ লগতে পৌৰসভাৰ কৰ্মকৰ্তা সকলৰ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই অনুষ্ঠানত জিলা উপায়ুক্ত গৰাকীয়ে ডাষ্টবিন বিতৰণ কৰাৰ লগতে ট্ৰাই চাইকেল আৰু ডাম্পাৰৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, প্ৰতিটো ঘৰৰ পৰা যাবৰ সংগ্ৰহৰ বাবদ প্ৰতিদিনে পৌৰসভাই সংগ্ৰহ কৰিব এক টকাকৈ। একেদৰে দোকানৰ পৰা দুই টকা, হোটেলৰ পৰা পাঁচ টকা আৰু ৰেষ্টুৰেণ্টৰ পৰা দহ টকাকৈ প্ৰতিদিনে সংগ্ৰহ কৰিব ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই।

Byte:- পুষ্প মালো, পৌৰনেত্ৰী,/ শংকু মজুমদাৰ, উপ পৌৰপতি

ইপিনে ধুবুৰীবাসী ৰাইজলৈ স্বচ্ছতা অৱলম্বন কৰাৰ বাবে আহ্বান জনালে জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে।

Byte:- ডাঃ দেৱময় সান্যাল, জিলা বিজেপিৰ সভাপতি।

Conclusion:উল্লেখযোগ্য যে, ধুবুৰী পৌৰসভাৰ এই পদক্ষেপ নিশ্চয়কৈ শলাগ লবলগীয়া যদিওঁ ধুবুৰী পৌৰসভাই ইয়াৰ পূৰ্বেও স্বচ্ছতাক লৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিওঁ ফ্লপশ্বত পৰিণত হৈছে। এতিয়া এই অভিলাসী আচঁনিয়ে কিমান সফলতা লাভ কৰে সেয়া সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.