ধুবুৰী, 28 অক্টোবৰঃ বাৰিষা গ'ল কিন্তু আতৰা নাই খহনীয়াৰ বিভীষিকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে খহনীয়া ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই সন্ত্ৰাস অব্যাহত ৰাখিছে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ অঞ্চলত। গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো শিক্ষা প্ৰতিষ্ঠান। বানপানীৰ সময়ৰ পৰা বৰ্তমানলৈকে ফকিৰগঞ্জৰ চতলাৰ পাৰ গাঁও আৰু এখন দৈনিক বজাৰ সম্পূৰ্ণৰূপে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। আনহাতে বৰকলীয়া গলাদিগী,চেকাৰডোবা,নয়াপাৰা আদি অঞ্চলৰ প্ৰায় সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। ইয়াৰ পিছতো অব্যাহত আছে বৰ লুইতৰ খহনীয়াৰ তাণ্ডৱ। বিগত বৰ্ষত গৰাখহনীয়াৰ কবলত পৰি তিনিবাৰকৈ স্থানান্তৰ হোৱা বাউশকাটা প্ৰজাবন্দু হাই স্কুলখন পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। একেদৰে চতলাৰ পাৰ নৱ মিলন এল পি স্কুল আৰু গলাদিগী এল পি স্কুলকে ধৰি আন কেইবাখনো বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷
সুদীৰ্ঘ বছৰে ফকিৰগঞ্জ অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সন্ত্ৰাস চলাই মানচিত্ৰ সলনি কৰি অহাৰ পিছত এতিয়ালৈকে কোনো এখন চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত নহল। কেৱল বিভিন্ন আঁচনিৰ শিতানত কোটি কোটি টকা আবন্টন দি আহিছে যদিও আজিলৈকে বৃহত্তৰ অঞ্চলটোৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷