ETV Bharat / state

শিশু ধৰ্ষণকাৰী আৰক্ষীৰ জালত

অৱশেষত মানকাচৰ আৰক্ষীৰ জালত পৰিল শিশু ধৰ্ষণকাৰী অভিযুক্ত যুৱক। চাৰে পাঁচ বছৰীয়া শিশুক বলপূৰ্বক ভাৱে হত্যাৰ ভাবুকি দি ত্ৰিশ বছৰীয়া যুৱকে কৰিছিল ধৰ্ষণ।

শিশু ধৰ্ষণকাৰী আৰক্ষীৰ জালত
শিশু ধৰ্ষণকাৰী আৰক্ষীৰ জালত
author img

By

Published : Feb 27, 2020, 3:14 PM IST

ধুবুৰী, 27 ফেব্ৰুৱাৰীঃ এগৰাকী চাৰে পাঁচ বছৰীয়া কণমানি শিশুক হত্যাৰ ভাবুকি প্ৰদানেৰে মুখত সোপা মাৰি ধৰি বলপূৰ্বক ভাৱে ধৰ্ষণ কৰা ত্ৰিশ বছৰীয়া যুৱক আৰক্ষীৰ জালত ৷ যোৱা দুই ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই জঘন্য ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল মানকাচৰত। অৱশেষত বিগত 24 দিনৰ মূৰত আৰক্ষীৰ জালত পৰিল শিশু ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছানোৱাৰ ইছলাম।

শিশু ধৰ্ষণকাৰী আৰক্ষীৰ জালত

উল্লেখযোগ্য যে, ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰডাঙ্গা মইশাল পাৰা গাঁৱত যোৱা দুই ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এক নাৰকীয় ঘটনা । গাওঁখনৰ দুখীয়া পৰিয়ালৰ প্ৰায় চাৰে পাঁচ বছৰীয়া কণমানি কন্যা শিশুক গাওঁ খনৰে ৩০ বছৰীয়া ছানোৱাৰ ইছলাম নামৰ যুৱকজনে মুখত সোপা দি ঘৰৰ চোতালত থকা লাও খেতিৰ মাজত নি ধৰ্ষণ কৰে। এই ঘটনাৰ পিচত কণমানি জনীৰ মুখৰ পৰা সমগ্ৰ ঘটনা অৱগত হোৱাত পিতৃয়ে অৱশেষত ৮ ফেব্ৰুৱাৰীৰ দিনা মানকাচৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে । মানকাচৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 376(AB)/506,R/W section /4 of POXO act ৰ অধীনত 104/2020 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছিল যদিও ইমান দিনে আৰক্ষীয়ে অভিযুক্ত ছানোৱাৰক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত বুধবাৰে নিশা মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মানকাচৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট যুৱকজনক। সম্প্ৰতি যুৱকজনৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। যদিও এই মুহূৰ্ত লৈকে মুখ খোলা নাই আৰক্ষীয়ে।

লগতে চাওকঃ

মোৰ খেদ আছে যদিও ইমান গুৰুতৰ নহয়ঃ চেইফ আলি খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.