ETV Bharat / state

বৃত্তিৰ ধন বিচাৰি ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ধুবুৰীস্থিত IDBI বেংকৰ সন্মুখত শিক্ষাৰ্থীৰ প্ৰতিবাদ। ছাত্ৰৰ বৃত্তিৰ টকা বেংকৰ কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ অভিযোগ। ৰাজ্য চৰকাৰে IDBI বেংকত বৃত্তিৰ ধন জমা দিয়াৰ পিছতো বেংক কৰ্তৃপক্ষই শিক্ষাৰ্থীক প্ৰাপ্য ধন প্ৰদান নকৰাত ক্ষুদ্ধ হৈ পৰে একাংশ ছাত্ৰ।

ধুবুৰীত বৃত্তিৰ ধন বিচাৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : Oct 12, 2020, 5:36 PM IST

ধুবুৰী, ১২ অক্টোবৰ: বৃত্তিৰ ধন বিচাৰি ধুবুৰীস্থিত IDBI বেংকৰ সন্মুখত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ শিক্ষাৰ্থীয়ে। ২০১৫ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল এই সকল শিক্ষাৰ্থী। বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৮ আগষ্টত চৰকাৰে IDBI বেংকৰ জৰিয়তে টকাখিনি মোকোলাই দিছে। ৫বছৰ উকলি যোৱাৰ পিছত বৃত্তিৰ ধন মোকলাই দিয়া বুলি জ্ঞাত হোৱাৰ পিছত ধন উলিওৱাৰ বাবে শিক্ষাৰ্থীসকল বেংকত উপস্থিত হয়।

ধুবুৰীত বৃত্তিৰ ধন বিচাৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ
ধুবুৰীত বৃত্তিৰ ধন বিচাৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

কিন্তু বেংকৰ শাখা প্ৰবন্ধকে টকাখিনি মোকোলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শিক্ষাৰ্থীসকলে। আনহাতে, কৰ'ণা মহামাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা বৃত্তিৰ ধনখিনি ৫বছৰৰ বাবে অট' ৰিনিউ কৰা হৈছে বুলি প্ৰকাশ কৰে বেংকৰ শাখা প্ৰবন্ধকে।

অৱশ্যে কোনো শিক্ষাৰ্থীয়ে যদি টকাখিনি উলিয়াব বিচাৰে তেন্তে, ২-৩ মাহ মানৰ পিছত উলিয়াব পাৰিব বুলিও বেংকৰ শাখা প্ৰবন্ধকে প্ৰকাশ কৰিছে। বেংক কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক বুজুওৱাৰ চেষ্টা কৰিছে যদিও বেংক কৰ্তৃপক্ষৰ কথা মানি ল'ব বিচৰা নাই নাই শিক্ষাৰ্থী সকলে।

লগতে পঢ়ক:স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ টীয়কৰ এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.