ETV Bharat / state

Dhubri district establishment day:দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা দিৱস উদযাপন

author img

By

Published : Jul 1, 2023, 7:57 PM IST

ধুবুৰী জিলা দিৱস উদযাপনত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ পুৱাৰ ভাগত ৱাকাথন কাৰ্যসূচীৰ জৰিয়তে শুভাৰম্ভ জিলা দিৱসৰ ৷

dhubri district establishment day
জিলা দিৱস

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ধুবুৰী, 1 জুলাই : ১৯৮৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা পৃথক হৈ গঠিত হৈছিল ধুবুৰী জিলা । চল্লিশ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা ধুবুৰী জিলাখনত দুবছৰৰ পৰা পালন কৰি অহা হৈছে জিলা দিৱস । ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিচতেই প্ৰতি বছৰৰ এক জুলাই তাৰিখটো জিলা দিৱস হিচাপে পালন কৰি অহা হৈছে । সেইমতে এক জুলাইৰ দিনা ধুবুৰী জিলা দিৱস পালন কৰে ধুবুৰী জিলা প্ৰশাসনে ৷

পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী । অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকি জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু পৰ্যটনৰ ক্ষেত্ৰত জিলাখনক এক স্থান দিয়াৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । লগতে জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু পৰ্যটকৰ বাবে আকৰ্ষিত কৰি তুলিবলৈ সকলো ৰাইজকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

জিলা দিৱসৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত, 14 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হোৱা বিহুৰ বিশ্ব অভিলেখ কাৰ্যসূচীত, ধুবুৰীৰ পৰা অংশগ্ৰহণ কৰা ৫৩ গৰাকী বিহুৱা-বিহুৱতীক ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । ৰাতিপুৱা ছয় বাজি ত্ৰিছ মিনিটত প্ৰথম কাৰ্যসূচী অনুসৰি ৱাকাথন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তাৰ পিচতেই ডিচি ইলেভেন আৰু চিটিজেন ইলেভেনৰ মাজত প্ৰীতি ফুটবল মেচৰ আয়োজন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ৰক্তদান শিৱিৰৰ আয়োজন কৰাকে ধৰি জিলা দিৱস উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়িত হয় ।

লগতে পঢ়ক : Jorhat district establishment day:যোৰহাট জিলা দিৱস উদযাপনৰ দ্বিতীয় দিনা বিহুৱা-বিহুৱতীক বিতৰণ মাননি আৰু মানপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.