ETV Bharat / state

ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন - ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি বাৰ্ষিক অধিৱেশ বাতৰি

সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন ৷ পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছৰে পৰা আৰম্ভ হয় অধিবেশনৰ বিভিন্ন কাৰ্যসূচী ৷

Dhubri district bartajibi sanga conference
ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি বাৰ্ষিক অধিৱেশ
author img

By

Published : Mar 3, 2020, 5:23 AM IST

Updated : Mar 3, 2020, 11:06 AM IST

ধুবুৰী,2 মাৰ্চঃ সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন ৷ পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছৰে পৰা আৰম্ভ হয় অধিবেশনৰ বিভিন্ন কাৰ্যসূচী ৷ অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসম বার্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতা উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সংঘৰ উপ সভাপতি জগদীশ পাটগিৰি আৰু সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মা ৷ ইয়াৰ উপৰিও সভাত উপস্থিত থাকে বিশিষ্ট আইনজীৱি তথা সদৌ অসম উকীল সন্থাৰ প্ৰাক্তন সভাপতি অধিবক্তা এন আই চৌধুৰী,অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী,বিশিষ্ট চিকিৎসক তথা ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যাল,ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিৎ শৰ্মা আৰু ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷

ধুবুৰী জিলা বার্তাজীৱী সংঘৰ পঞ্চম দ্বি বাৰ্ষিক অধিৱেশ

উল্লেখ্য যে,অধিবেশনৰ মুকলি সভাত জিলা খনৰ প্ৰায় শতাধিক সংবাদকৰ্মীৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক মহেশ ৰায়,বিজয় শৰ্মা,তাৰকেশ্বৰ পাল,ৰাজীৱ চৌধুৰী,মুকেশ কুমাৰ সিং,আলতাপ আহমেদ,মল্লিক আব্দুছ ছাত্তাৰ,জ্যোতিৰ্ময় চক্ৰৱৰ্তীকে ধৰি আঠ গৰাকী বিশিষ্ট সাংবাদিকক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰিও প্ৰয়াত সাংবাদিক ক্ৰমে ছাজাহান আহমেদ,ওম প্ৰকাশ টোডি,জয়দীপ বৰুৱা আৰু দেৱজিৎ নিয়গীৰ পৰিয়ালকে ধৰি চাৰিওগৰাকী প্ৰয়াত সাংবাদিকলৈ জিলা বার্তাজীৱী সংঘৰ ফালৰ পৰা মৰণোত্তৰ ভাৱে বিশেষ বঁটা প্ৰদান কৰা হয় ৷ অধিৱেশনত সাংবাদিকৰ নিৰাপত্তা আৰু প্ৰাপ্যৰ দাবীত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক-গুজৰাটত শোকাৱহ পথ দুৰ্ঘটনা, 4 নিহত

Last Updated : Mar 3, 2020, 11:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.