ETV Bharat / state

ধুবুৰীত পুনৰ ভোটগ্ৰহণ - প্ৰিজাইডিং বিষয়া

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ধুবুৰী লোকসভা সমষ্টিৰ ৫টা ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ

ধুবুৰীত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ
author img

By

Published : May 4, 2019, 4:38 PM IST

ধুবুৰী,৪ মেঃ ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ৷ এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে । সেই অনুসৰি, অহা ৬ মে'ত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । পুনৰ ভোটগ্ৰহণ হ'বলগীয়া কেন্দ্ৰ কেইটা হ'ল - মানকাচৰ বিধানসভা সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল), দক্ষিণ শালমাৰাৰ কাটলিপাৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এল পি স্কুল, ধুবুৰীৰ বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল) আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱ ভাৰত পাঠশালা হাইস্কুল ৷

ধুবুৰীত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ

আনহাতে,গোলকগঞ্জৰ নবভাৰত পাঠশালা হাইস্কুল ভোটকেন্দ্ৰৰ আব্দুল কাদেৰ শেখ নামৰ এজন প্ৰিজাইডিং বিষয়াক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰাৰ বাবে নিৰ্বাচন আয়োগে ধুবুৰী উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে বাণী বিদ্যা মন্দিৰ এল পি স্কুল ভোট কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া গৌৰ প্ৰসাদ বৰ্মণৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।

SLUG- A_DHB_801_802_04MAY_DC_PRESS_MEET_ON_RE_POLL_VIS+BYTE_SHAHANUR
( Files send through MOJO )

     oc/vo:- ধুবুৰীত জিলা উপায়ুক্তৰ সংবাদমেল। ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে৷ এক সংবাদমেলত এই কথা ঘোষণা কৰে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে। অহা ৬ মে'ৰ দিনা পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজাৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ পুনৰ ভোটগ্ৰহণ হ'লগীয়া কেন্দ্ৰ কেইটা হ'ল - মানকাচৰ বিধানসভা সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল) দক্ষিণ শালমাৰাৰ কাটলিপাৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এল পি স্কুল, ধুবুৰীৰ বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল) আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱ ভাৰত পাঠশালা হাইস্কুল৷ আনহতে গোলকগঞ্জৰ নবভাৰত পাঠশালা হাইস্কুল ভোটকেন্দ্ৰৰ আব্দুল কাদেৰ শেখ নামৰ এজন প্ৰিজাইডিং বিষয়াক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰাৰ বাবে নিৰ্বাচন আয়োগে ধুবুৰী উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে বাণী বিদ্যা মন্দিৰ এল পি স্কুল ভোট কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া গৌৰ প্ৰসাদ বৰ্মণৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে।

   Byte:- অনিমেশ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত, ধুবুৰী।

       ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.