ETV Bharat / state

Dhubri corrupt forest ranger transferred: ধুবুৰীৰ বিতৰ্কিত ফৰেষ্ট ৰেঞ্জাৰ মোছাৰফ হুছেইনক শাস্তিমূলক বদলি

author img

By

Published : Aug 8, 2023, 10:14 PM IST

বিতৰ্কিত ফৰেষ্ট ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশনা বন বিভাগৰ ৷ ৰেঞ্জাৰ চৌধুৰীয়ে ধুবুৰীৰ বিভিন্ন বালি, মাটি, শিল, কাঠ মাফিয়াৰে মিলি বিশাল ছিণ্ডিকেট গঢ়ি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল । স্থানীয় একাংশ ট্ৰেক্টৰ মালিক আৰু চালক সন্থাই ধনদাবীৰ অভিযোগত ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীসহ আন চাৰি বন পালক-বনৰক্ষী বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

Dhubri corrupt forest ranger transferred
ধুবুৰীৰ বিতৰ্কিত ফৰেষ্ট ৰেঞ্জাৰ মোছাৰফ হুছেইন

ধুবুৰী, ৮ আগষ্ট: ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত নিয়োজিত হৈ থকা বহু বিতৰ্কিত ফৰেষ্ট ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ বন বিভাগে । ধুবুৰীৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ দায়িত্বত থকা ৰেঞ্জাৰ চৌধুৰীয়ে আৰম্ভণিৰ পৰা ধুবুৰীৰ বিভিন্ন বালি, মাটি, শিল, কাঠ মাফিয়াৰে মিলি বিশাল ছিণ্ডিকেট গঢ়ি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল ।

Dhubri corrupt forest ranger transferred
ধুবুৰীৰ বিতৰ্কিত ফৰেষ্ট ৰেঞ্জাৰ মোছাৰফ হুছেইনক শাস্তিমূলক বদলি

বন মাফিয়াৰে ৱাটছ এপ গ্ৰুপ খুলি গুগল পে, ফোন পেৰ জৰিয়তে ভিন্নজনৰ একাউন্টত হেজাৰ হেজাৰ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল চৌধুৰীৰ বিৰুদ্ধে । তেনে সময়তে কেইদিনমান পূৰ্বে ৰাজ্যৰ বিভাগৰ এজন উচ্চ পদস্থ বিষয়া ধুবুৰীত উপস্থিত হৈ সমগ্ৰ বিষয়টো লৈ তদন্ত চলায় । উল্লেখ্য যে, মোছাৰফ হুছেইন চৌধুৰী এণ্ড কোম্পানীৰ বিৰুদ্ধে এনে দীর্ঘদিনীয়া অভিযোগ উত্থাপন হৈ অহাৰ সময়তে কিছুদিন পূৰ্বে স্থানীয় একাংশ ট্ৰেক্টৰ মালিক আৰু চালক সন্থাই ধুবুৰী সদৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰিছিল ৷ ট্ৰেক্টৰ মালিক আৰু চালক সন্থাই ধনদাবীৰ অভিযোগত ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীসহ আন চাৰি বন পালক-বনৰক্ষী বিৰুদ্ধে এই গোচৰ পঞ্জীয়ন কৰিছিল ।

এই গোচৰৰ ভিত্তিত ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰী, বন পালক ৰেজাউল হক, বনৰক্ষী মঞ্জিল হক, বনৰক্ষী আয়ুব আলি, বনৰক্ষী ছলেমান ওজাকে ধৰি পাঁচজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত ২৫০/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৪১/৩৮৪/৫০৬/৩৪ ধাৰাত ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজনো গ্ৰেপ্তাৰ হোৱা নাই ।

বন সংৰক্ষক ৰাজেন চৌধুৰীয়ে কেইদিনমান পূৰ্বে ধুবুৰীত উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীক সোধা-পোছাৰে বিভাগীয়ভাৱে তদন্ত কৰি যায় । ইপিনে এনে অভিযোগৰ ভিত্তিত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই অহাৰ পিছতেই গুৰু গোহাঁই নমনা ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰীক গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ খানাপাৰা বনপ্ৰাণী ক্ষেত্ৰলৈ শাস্তিমূলক বদলিৰ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ বন বিভাগে ।

কিন্তু প্ৰশ্ন হয়, বিতৰ্কিত ৰেঞ্জাৰ মোছাৰফ হুছেইন চৌধুৰী এণ্ড কোম্পানীত থকা আন কেইবাগৰাকী বন পালকৰ বিৰুদ্ধে বিভাগীয়ভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ’বনে ৷

লগতে পঢ়ক: DFO Jitendra Kumar suspended: গোৱালপাৰাৰ বিতৰ্কিত DFO জিতেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.