বিলাসীপাৰা, 9 অক্টোবৰঃ ধুবুৰীৰ বিলাসীপাৰাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ এটা ১৯ লাখ টকীয়া পথ নিৰ্মাণৰ নামত বিজেপিৰ নেতাই কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ | বিজেপিৰ ধুবুৰী পুব জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কলিতাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷
উল্লেখ্য যে, ২০১৭ বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত উদমাৰী কালী মন্দিৰৰ পৰা উদমাৰী শালকোচা পথ লৈ ছি ছি ব্লকৰ পথ নিৰ্মাণৰ বাবে চৰকাৰে ১৯ লাখ ৮১ হাজাৰ 148 টকা মঞ্জুৰী দিছিল ৷ কিন্তু পথটো নিৰ্মাণৰ নামত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ প্ৰফুল্ল কলিতাই ছি ছি ব্লক নেপেলাই সমুদায় ধন আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ পথছোৱাত এশ মিটাৰ মান গাৰ্ড ৱাল দিয়ে সামৰি থয় পথ নিৰ্মাণৰ কাম ৷ পথ নিৰ্মাণৰ বাবে ঠিকাদাৰ জনে এখন আঁচনি ফলক আঁৰি দিছিল যদিও পৰৱৰ্তী সময়ত আঁচনি ফলকখনো নোহোৱা কৰি দিয়ে ৷ ফলত সম্প্ৰতি দূৰ্দশাগ্ৰস্ত পথছোৱাৰ বাবে দূৰ্ভোগ ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷
আনহাতে জৰাজীৰ্ণ এই পথছোৱাৰ বাবে অঞ্চলটোত প্ৰয়োজনত এম্বুলেঞ্চ সোৱাৰ পৰাও বিৰত থাকিব লগীয়া স্থানীয় ৰাইজে ৷ অন্যান্য বাহন সমূহ কেনো মতে যাতায়ত অব্যাহত ৰাখিছে যদিও যিকোনো সময়তে ভয়ংকৰ বিপদৰ সম্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাইজে ৷ ৰাইজে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে ৷
আৰু পঢ়ক কলিয়াবৰত টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ; নিহত 1