ETV Bharat / state

শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখকঃ আমছুৰ সভাপতি - বিধায়ক শিলাদিত্য দেৱক দহ দিনৰ বাবে গৃহবন্দী

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ এটা দিন । ধুবুৰীত আমছুৱে এক সংবাদমেল আয়োজন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিধায়ক শিলাদিত্য দেৱক দহ দিনৰ বাবে গৃহবন্দী কৰি ৰখাৰো দাবী উত্থাপন কৰে৷

ধুবুৰীত আমছুৰ সংবাদমেল
author img

By

Published : Aug 29, 2019, 7:52 PM IST

ধুবুৰী, 29 আগষ্টঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এন আৰ চি উন্নীতকৰণৰ কাম । এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বেই বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়ক শিলাদিত্যই বিগত দিনত বিভিন্ন সময়ত লাখ লাখ বাংলাদেশীৰ নাম আৰু লাখ লাখ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি বিতৰ্কিত মন্তব্য কৰি আহিছিল। এনে সময়তে বৃহস্পতিবাৰে ধুবুৰীত অনুষ্ঠিত কৰা এখন সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক মুকলি প্ৰত্যাহ্বান জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । উল্লেখযোগ্য যে, ভুৱা নথি এন আৰ চিত জমা দিয়াৰ প্ৰমাণ আছে যদি তেনে দহটা ভুৱা নথি দেখুৱাই দিয়ক বুলি মুকলি প্ৰত্যাহ্বান জনায় আমছুৰ সভাপতি গৰাকীয়ে। লগতে আমছুৰ সভাপতি গৰাকীয়ে বিজেপিয়ে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিব বিচাৰিছে বুলিও অভিযোগ তোলে । লগতে বিজেপিয়ে বিদেশী মুক্ত নহয় বিদেশী যুক্ত এখন এন আৰ চি বিচাৰিছে বুলি সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীক।

শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখকঃ আমছুৰ সভাপতি

একেদৰে এন আৰ চিক লৈ বিভিন্ন সময়ত বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰি অহা বিজেপি বিধায়ক শিলাদিত্য দেৱকো উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। এন আৰ চিৰ প্ৰতি লক্ষ্য ৰাখি শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখিবলৈ আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

Intro:এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাজত মাথোঁ এটা দিন বাকী আছে। এনে সময়তে আজি ধুবুৰীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আমছুৱে এখন সংবাদমেলৰ আয়োজন কৰি তুলাধূনা দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক। এন আৰ চি প্ৰকাশৰ পূৰ্বে বিতৰ্কিত বিধায়ক শিলাদিত্যক দহ দিনৰ বাবে গৃহবন্দী কৰি ৰখাৰ দাবী আমছুৰ।

Body:
দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে প্ৰায় সম্পন্ন হবলৈ গৈ আছে এন আৰ চি উন্নীতকৰণৰ কাম। এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বেই বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়ক শিলাদিত্যই বিগত দিনত বিভিন্ন সময়ত লাখ লাখ বাংলাদেশীৰ নাম আৰু লাখ লাখ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি বিতৰ্কিত মন্তব্য কৰি আহিছিল। লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক টাৰ্গেট কৰি লৈ বিভিন্ন মন্তব্য প্ৰদান কৰি আহিছিল। তেনে ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি শাসকীয় দলটোৱে আস্থা নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে। এনে সময়তে আজি ধুবুৰীত অনুষ্ঠিত কৰা এখন সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক উভতি ধৰি মুকলি প্ৰত্যাহ্বান জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। উল্লেখযোগ্য যে, একাংশ লোকে ভুৱা নথি এন আৰ চিত জমা দিয়া বুলি ৰঞ্জিত দাসে অভিযোগ উত্থাপন কৰা বুলি কৈ প্ৰমাণ আছে যদি তেনে দহটা ভুৱা নথি দেখুৱাই দিয়ক বুলি মুকলি প্ৰত্যাহ্বান জনায় আমছুৰ সভাপতি গৰাকীয়ে। লগতে আমছুৰ সভাপতি গৰাকীয়ে কয়ঃ বিজেপিয়ে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিব বিচাৰিছে। অসম খনক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে বিজেপিয়ে। লগতে বিজেপিয়ে বিদেশী মুক্ত নহয় বিদেশী যুক্ত এখন এন আৰ চি বিচাৰিছে বুলি তীব্র সমালোচনা কৰে বিজেপি দল আৰু দলটোৰ ৰাজ্যিক সভাপতি গৰাকীক।

Byte:- (05)

একেদৰে এন আৰ চিক লৈ বিভিন্ন সময়ত বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰি টি আৰ পি বঢ়োৱাৰ চেষ্টা কৰি অহা বিজেপি বিধায়ক শিলাদিত্যকো উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। আমছুৰ সভাপতি গৰাকীয়ে আজিৰ সংবাদমেলত শিলাদিত্যই নিজৰ পাক ঘৰত অসমীয়া শুদ্ধ কৈ কব নোৱাৰে বুলি কোটাক্ষ কৰি লগতে কয়ঃ শিলাদিত্যই ইতিমধ্যে গম পাইছে যে তেওঁৰ নাম আৰু তেওঁৰ অংগহী বংগহীৰ নাম এন আৰ চিত প্ৰকাশ নাপায় বুলি নিশ্চিত হৈছে। যাৰ বাবে শিলাদিত্য পাগল হৈছে। লগতে শিলাদিত্যই কৈ অহা ভুৱা নথি আৰু লিগেচী চুৰ কৰা বুলি কোৱাৰ প্ৰত্যুত্তৰ দি কয়ঃ শিলাদিত্য আৰু তেওঁৰ অংগহী বংগহীয়ে নথি চুৰ কৰিছে। আনহাতে পূৰ্বৰ পৰা শিলাদিত্যক নাকী লগোৱাৰ বাবে আমছুৱে দাবী কৰি অহাৰ পিছতো বিজেপি দলে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই যদিওঁ এন আৰ চিৰ প্ৰতি লক্ষ্য কৰি শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখিবলৈ আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। নহলে শান্তিৰ অসমখনত এক অশান্তৰ সৃষ্টি কৰিব পাৰে বুলিওঁ আশংকা প্ৰকাশ কৰে আমছুৰ সভাপতি গৰাকীয়ে।

Byte:- (06)

Conclusion:উল্লেখযোগ্য যে, এন আৰ চি প্ৰকাশৰ পূৰ্বে যোৱা চাৰি দিনৰ পৰা অসমৰ নামনিৰ পৰা উজনিলৈ জিলাই জিলাই সজাগতা সভা অনুষ্ঠিত কৰি আহিছে আমছুৱে। ৰাইজক এন আৰ চি প্ৰকাশৰ পিছত শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায় আমছুৱে। সজাগতা সভাৰ কাৰ্য্যসূচীৰ মাজতেই আজিৰ সংবাদমেলৰ জৰিয়তে আমছুৱে তুলাধূনা দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক শিলাদিত্যক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.