ETV Bharat / state

কোচ-ৰাজবংশীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই : আক্রাছু নেতা জীৱেশ ৰায় - জনজাতিকৰণ

বিটিচি তথা অসমৰ আন আন প্ৰান্তৰ ৰাজবংশীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি সোমবাৰে মন্তব্য কৰিছে আক্রাছুৰ কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন গোটৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ।

dhubri-aakrasu-meeting
কোচ ৰাজবংশীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই : আক্রছু নেতা জীবেশ ৰায়
author img

By

Published : Sep 7, 2020, 10:18 PM IST

ধুবুৰী, 7 চেপ্টেম্বৰ: অসম চৰকাৰে কোচ-ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী আৰু আক্রাছুৰ দীৰ্ঘদিনীয়া আন্দোলনৰ পিছত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত কৰে । অসম চৰকাৰে অসম বিধানসভাৰ অধিৱেশনত উক্ত প্ৰস্তাৱ গৃহীত কৰাৰ পিছতেই উৎফুল্লিত কোচ-ৰাজবংশী লোকসকল । যদিও বিটিচিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কোচ-ৰাজবংশী লোকসকল কিছু পৰিমানে শংকিত হৈছে ।

তেনে সময়তে বিটিচি তথা অসমৰ আন আন প্ৰান্তৰ ৰাজবংশীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি সোমবাৰে মন্তব্য কৰিছে আক্রাছুৰ কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন গোটৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে । ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰীত অনুষ্ঠিত হোৱা আক্রাছুৰ এখন প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰাৰ পিছত উষ্ম আদৰণি জনোৱা হয় জীৱেশ ৰায়ক । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জীৱেশ ৰায়ে ।

কোচ ৰাজবংশীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই : আক্রছু নেতা জীবেশ ৰায়

লগতে নেতাগৰাকীয়ে কয় যে, কোচ-ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া যি দাবী,জনজাতিকৰণ সেয়া অটুট থাকিবই তথা জনজাতিকৰণ হ'লেহে গোটেই অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাধাৰণ সম্পাদক জীৱেশ ৰায়ে । আনহাতে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণ লাগিবই বুলি দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশক চীনৰ দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.