ETV Bharat / state

ভূমিপুত্ৰক নথি-পত্ৰৰ নামত চৰকাৰে কৰিব নোৱাৰিব হাৰাশাস্তি !! - ধুবুৰী

NRC ৰ ভিত্তিবৰ্ষ 1951 চনেই হওঁক অথবা 1971 চনেই হওঁক আমাৰ কোনো ক'বলগীয়া নাই ৷ কিন্তু আমাৰ প্ৰাপ্য সা-সুবিধা লাগিবই, এই মন্তব্য সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এনামূল হকৰ ৷

ভূমিপুত্ৰক নথি পত্ৰৰ নামত চৰকাৰে কৰিব নোৱাৰিব হাৰাশাস্তিঃ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ
author img

By

Published : Nov 24, 2019, 12:27 PM IST

Updated : Nov 24, 2019, 12:46 PM IST

ধুবুৰী, 24 নৱেম্বৰঃ জাতিধ্বংসী বিধেয়ক চমুকৈ কেবৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদে । বিভিন্ন দিশ সামৰি জনগোষ্ঠীয় লোক সকলৰ মাজত সজাগতা অনাৰ বাবে গাঁৱে-গাঁৱে সভা অনুষ্ঠিত কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদে । এই সভাত চৰকাৰৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি এনামূল হকে ৷

ভূমিপুত্ৰক নথি পত্ৰৰ নামত চৰকাৰে কৰিব নোৱাৰিব হাৰাশাস্তিঃ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ

অসমৰ লগতে সমগ্ৰ দেশতেই পুণৰ নতুনকৈ এন আৰ চি হোৱাৰ কথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু অসমৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য । এনে সময়তে কেবৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদেও । সদ্য প্ৰকাশিত এন আৰ চিত বহু দেশী জনগোষ্ঠীয় লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি বিনাচৰ্তে সেই সকল লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে জনগোষ্ঠীয় সংসদে ।

ইপিনে NRC ৰ ভিত্তি বৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে কয় যে, ভিত্তিবৰ্ষ 1951 চনেই হওঁক অথবা 71 চনেই হওঁক তাত কোনো আপত্তি নাই । কিন্তু খিলঞ্জীয়া জনগোষ্ঠীয় ভূমিপুত্ৰ সকলক চৰকাৰে সকলো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব । তাৰোপৰি ভূমিপুত্ৰ সকলৰ কোনো নথি পত্ৰ চোৱাচিতা কৰাৰ নামত চৰকাৰে হাৰাশাস্তি কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে । লগতে নথি পত্ৰ পৰীক্ষা নকৰাকৈ খিলঞ্জীয়া লোক সকলক এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ।

Intro:দেশী জনগোষ্ঠীয় ভূমিপুত্ৰক নথি পত্ৰৰ নামত চৰকাৰে কৰিব নোৱাৰিব সাৰাশাস্তি। নথি পত্ৰ পৰীক্ষা নকৰাকৈ ভূমিপুত্ৰ হিচাপে এনআৰচিত অন্তৰ্ভুক্ত কৰিব লাগিব ভূমিপুত্ৰ দেশী জনগোষ্ঠীয় লোক সকলক। তাতে ৭১ হওঁক বা ৫১ চনেই হওঁক তাতে আপত্তি নাই। এই দাবী উত্থাপন কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ।

Body:
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬। চমুকৈ কেব খন সংসদত গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যৎপনাস্তি চেষ্টা চলাই গৈছে। আনহাতে সমান্তৰাল ভাবে অসমৰ লগতে সমগ্ৰ দেশতেই পুণৰ নতুনকৈ এন আৰ চি হোৱাৰ কথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু অসমৰ বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই প্ৰতিবাদত জ্বলিছে ৰাজ্য। এনে সময়তে নীতিগত ভাবে বিতৰ্কিত আৰু জাতিধ্বংসী বিধেয়ক চমুকৈ কেবখনৰ সম্পূৰ্ণ বিৰোধীতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদেওঁ। আনহাতে এন আৰ চি প্ৰসংগ উত্থাপন কৰি সদ্য প্ৰকাশিত এন আৰ চিত বহু দেশী জনগোষ্ঠীয় লোক সকলকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি কৈ বিনাচৰ্তে সেই সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনগোষ্ঠীয় সংসদৰ। ইপিনে নতুনকৈ ৫১ ভিত্তি বৰ্ষ লৈ পুণৰ এন আৰ চি কৰা হব বুলি চৰকাৰী ভাবে ঘোষণা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে কয়ঃ ৭১ হওঁক নাইবা ৫১ হওঁক তাতে কোনো আপত্তি নাই। কিন্তু আমি দেশী জনগোষ্ঠীয় মানুহ ভূমিপুত্ৰ। এই ভূমিপুত্ৰ লোক সকলৰ কোনো নথি পত্ৰ চোৱাচিতা কৰাৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব। লগতে নথি পত্ৰ পৰীক্ষা নকৰাকৈ চিধাচিধি এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে।

Byte:- এ এ এম এনামূল হক, সভাপতি, সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ।

Conclusion:উল্লেখযোগ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া, নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি আৰু জাতীয় কলা সংস্কৃতি ধৰি ৰখাকে ধৰি বিভিন্ন দিশ সামৰি লৈ দেশী জনগোষ্ঠীয় লোক সকলৰ মাজত সজাগতা অনাৰ বাবে এইদৰে গাওঁৱে গাওঁৱে সভা সমিতি অনুষ্ঠিত কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Nov 24, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.