ETV Bharat / state

ধুবুৰী মেডিকেল কলেজ হাস্পতালত দালালৰ দপদপনি: কঠোৰ ধুবৰী জিলা প্ৰশাসন - জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ

দালালৰ বিৰুদ্ধে কঠোৰ ধুবৰী জিলা প্ৰশাসন ৷ ধুবুৰী মেডিকেল কলেজ হাস্পতাল(Dhubri Medical College and Hospital) আৰু ধুবুৰী অসামৰিক চিকিৎসালয়ত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ দালালক ৷

dc-pressmeet-in-dhubri
দালালৰ বিৰুদ্ধে কঠোৰ ধুবৰী জিলা প্ৰশাসন
author img

By

Published : Jul 3, 2022, 9:39 AM IST

Updated : Jul 3, 2022, 10:16 AM IST

ধুবুৰী, 3 জুলাই : ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালৰাজ । ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Dhubri Medical College and Hospital) আৰু অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনে একাংশ দালাল শ্ৰেণীৰ লোকে ৰোগী আৰু ৰোগীৰ আত্মীয়ক বিপথে পৰিচালিত কৰি বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ।

এই অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত অভিযান চলাই চাৰিজনকৈ দালালক গ্ৰেপ্তাৰ কৰে(Broker arrested in Dhubri) । ইয়াৰ পিছতেই জিলা প্ৰশাসনৰ ফালৰ পৰা দালালকেইজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি শনিবাৰে ধুবুৰী জিলা উপায়ুক্তই এখনি সংবাদমেলৰ আয়োজন কৰে(DC pressmeet in Dhubri) । ধৃত দালালকেইজন হৈছে ক্ৰমে, সম্ভু মাহাতু, আমিনুৰ ৰহমান, আৰ্জু সৰকাৰ আৰু ফিৰোজ শ্বেইখ ৷

ধুবুৰী মেডিকেল কলেজ হাস্পতালত দালালৰ দপদপনি: কঠোৰ ধুবৰী জিলা প্ৰশাসন

ইফালে, শনিবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা উক্ত সংবাদমেলত উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত আন্বামুথন এমপি, জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা অংকুমণি শইকীয়া আৰু অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অনুপ চক্ৰৱৰ্তী ।

সংবাদমেলত উপায়ুক্তগৰাকীয়ে দীৰ্ঘদিনে দালাল চক্ৰৰ বিৰুদ্ধে অভিযোগ লাভ কৰি আহিছিল বুলি মন্তব্য কৰি এতিয়াৰে পৰা মেডিকেল কলেজ হাস্পতালত দালাল মুক্ত অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে । লগতে দালালৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি সংবাদমেলত জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ আৰু মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষা অংকুমণি শইকীয়াই উল্লেখ কৰে ।

লগতে পঢ়ক : বিলাসীপাৰাত ৭৩তম বন মহোৎসৱ উদযাপন

Last Updated : Jul 3, 2022, 10:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.