ETV Bharat / state

Daughter in law suspected death in Dhubri : বোৱাৰী হত্যাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Jan 6, 2023, 1:33 PM IST

ধুবুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু (Daughter in law suspected death in Dhubri) ৷ এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই বোৱাৰীগৰাকীৰ আত্মীয়-স্বজনৰ লগতে স্থানীয় ৰাইজে ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটনৰ লগতে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে অৱৰোধ কৰিলে গৌৰীপুৰৰ আলমগঞ্জস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

Daughter in law suspected death in Dhubri
বোৱাৰী হত্যাক কেন্দ্ৰ কৰি প্ৰতিবাদী ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

ধুবুৰী, 6 জানুৱাৰী: এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে ধুবুৰীক ৷ এইবাৰ জিলাখনৰ গৌৰীপুৰত সংঘটিত হৈছে আন এক ৰহস্যজনক মৃত্যুৰ ঘটনাই (Death case in Dhubri) । কলেজীয়া ছাত্ৰ মফিজুলৰ পাছত এইবাৰ এগৰাকী বোৱাৰীক হত্যা কৰাৰ অভিযোগত জ্বলিছে ধুবুৰী (Daughter in law suspected death in Dhubri) ।

কলেজীয়া ছাত্ৰ মফিজুল হকৰ মৃত্যুৰ ন্যায় বিচাৰি মৃতদেহ লৈ ধুবুৰীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ 24 ঘণ্টা নৌহওঁতেই গৌৰীপুৰৰ আলমগঞ্জ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বোৱাৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটনৰ লগতে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীৰে কৰিলে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে মাখনি পাৰবিন নামৰ মহিলাগৰাকীৰ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথত স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ (Mysterious death in Dhubri)।

উল্লেখযোগ্য যে, আলমগঞ্জৰ দামপুৰ গাঁৱৰ বাসিন্দা আব্দুল মোন্নাফৰ কন্যা মাইমুনা আহমেদ ওৰফে মাখনি পাৰবিনৰ বিবাহ সম্পন্ন হৈছিল নিকটৱৰ্তী শিলাইপাৰ গাঁৱৰ ছাইফুৰ হক নামৰ যুৱকজনৰ সৈতে । কিন্তু অভিযোগ অনুসৰি বিবাহৰ পাছৰে পৰাই ছাইফুৰে পত্নী মাখনিৰ ওপৰত চলাই আহিছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন । উল্লেখনীয় যে, ছাইফুৰ হক আৰু মাখনি পাৰবিনৰ আছে এটি কন্যা সন্তানো ৷

দীৰ্যদিন ধৰি ছাইফুৰ হক আৰু মাখনি পাৰবিন মাজত চলি আহিছিল বাক-বিতণ্ডা (Domestic violence in Dhubri) ৷ বাক-বিতণ্ডা, মাৰ-ধৰ অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা স্বামী গৃহৰ কোঠালীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় মাখনিৰ মৃতদেহ । চিলিং ফেনত কাপোৰ বন্ধা আছে যদিও মাখনিৰ নশ্বৰদেহ বিচনাত পৰি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ ইয়াৰ পাছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰে সমগ্ৰ ঘটনা ৷ স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটোক হত্যাৰ ৰূপ দিবলৈ অপচেষ্টা চলোৱা বুলি মাখনি পাৰবিনৰ স্বামীগৃহৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

বৃহস্পতিবাৰে মাখনিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত হোৱাৰ পাছতেই আলমগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাখনি পাৰবিনৰ মৃতদেহ লৈ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা আত্মীয়ই । এটি সন্তানৰ মাতৃ তথা ছাইফুৰ হকৰ সহধৰ্মিনী মাখনি পাৰবিনক ছাইফুৰ হকৰ পৰিয়ালে পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়াল তথা স্থানীয় ৰাইজে ।

স্বামী গৃহৰ লোকে পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগত তুলি অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিল গৌৰীপুৰৰ আলমগঞ্জ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ঝতুজ্যোতি নাথ উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়াৰ পাছতহে পৰিস্থিতি কিছু পৰিমাণে শাম কাটে (Gauripur police station) ।

লগতে পঢ়ক : PDS rice scam in Nalbari: নলবাৰীত জব্দ চোৰাংভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.