ETV Bharat / state

সান্ধ্য আইন ভংগকাৰীক শাস্তি প্ৰদান গোলোকগঞ্জ আৰক্ষীৰ

author img

By

Published : May 19, 2021, 10:03 AM IST

অনাহকত ৰাজপথত যান-বাহন চলাই ফুৰা সান্ধ্য আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গোলোকগঞ্জ আৰক্ষী । নিয়ম নমনা একাংশ লোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি আৰক্ষীৰ ।

GOLAKGANJ
সান্ধ্য আইন ভংগকাৰীৰ ওপৰত কঠোৰ গোলকগঞ্জ আৰক্ষী

গোলকগঞ্জ,১৯ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ গোলকগঞ্জতো সান্ধ্য আইন জাৰি কৰা হৈছে । এই সময়চোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে অনাহকত ৰাজপথত যান-বাহন চলাই ফুৰা সান্ধ্য আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত গোলোকগঞ্জ থানাৰ সদৰ আগমণি আৰক্ষী সষ্টম হৈছে ।

GOLAKGANJ
সান্ধ্য আইন ভংগকাৰীক শাস্তি প্ৰদান গোলোকগঞ্জ আৰক্ষীৰ

আৰক্ষীয়ে মাইকযোগে সান্ধ্য আইন পালন কৰিবলৈ ৰাইজক অনুৰোধ কৰি থকাৰ পিছতো কেৰেপ নকৰে একাংশ অসচেতন লোকে । নিয়ম নমনা এইসকল লোকৰ বিৰুদ্ধে মঙলবাৰে বিয়লি কঠোৰ হৈ পৰা দেখা যায় আগমণি আৰক্ষী । যিসকল লোকে দুচকীয়া বাহনত দুজনকৈ উঠি টিঘিল-ঘিলাই ঘূৰি ফুৰে, সেইসকল লোকক শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে লাঠীচালনা, কাণত ধৰি উঠি-বহা কৰিবলৈ দিয়াৰ লগতে জৰিমনাও বিহে উক্ত লোকসকলক । ইফালে, চাইকেল লৈ অহাসকলৰ বিৰুদ্ধেও কঠোৰ হয় আৰক্ষী । লগতে বাহনেৰে অহা লোকসকলৰ যাৱতীয় নথিপত্ৰ‌ পৰীক্ষা কৰি জৰিমনা বিহে আৰক্ষীয়ে ।

লগতে পঢ়ক: দৰঙত মঙলবাৰে 238 গৰাকী কৰ’ণা ৰোগী চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.