ETV Bharat / state

ধুবুৰীত উপস্থিত হৈ ক্ৰিকেটাৰ জাবেদ জামানৰ ক্ষোভ - javed zaman

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী দক্ষ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ক্ৰিকেটাৰ জাবেদ জামানে ক্ষোভ প্ৰকাশ কৰে ধুবুৰীত উপস্থিত হৈ ৷ তেওঁৰ অভিযোগ কৰা মতে, ধুবুৰীত খেলৰ বাবে নাই পৰ্যাপ্ত সুবিধা ৷

ক্ৰিকেটাৰ জাবেদ জামানৰ ক্ষোভ
ক্ৰিকেটাৰ জাবেদ জামানৰ ক্ষোভ
author img

By

Published : Nov 1, 2020, 8:26 PM IST

ধুবুৰী, 1 নৱেম্বৰ: ধুবুৰীত উপস্থিত হৈ ক্ষোভ প্ৰকাশ ক্ৰিকেটাৰ জাবেদ জামানৰ ৷ ধুবুৰীত প্ৰায় 20 বছৰ ক্ৰিকেটৰ প্ৰশিক্ষণ লৈ অৱশেষত ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী দক্ষ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল ক্ৰিকেটাৰ গৰাকীয়ে ৷ ধুবৰীত উপস্থিত হৈ খেলুৱৈ গৰকীয়ে সংবাদ মাধ্যমযোগে কয়, তেওঁৰ দৰে আন বহু খেলুৱৈ আছে ধুবুৰী জিলাত ৷ কিন্তু ক্ৰিকেট এচ'ছিয়েশ্যন বা জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকে পোৱা নাই কোনো ধৰণৰ সুবিধা ৷ যাৰ বাবে জিলা খন বহু লোক পিছুৱাই থাকিবলগীয়া হৈছে বুলি মন্তব্য কৰে খেলুৱৈ গৰাকীয়ে ৷

ধুবুৰীত উপস্থিত হৈ ক্ৰিকেটাৰ জাবেদ জামানৰ ক্ষোভ

তেওঁ নিজা বাসগৃহত থাকি ঝগৰাৰপাৰ ষ্টেডিয়ামত খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰি আছিল যদিও, বিগত প্ৰায় 6 মাহৰ পৰা ষ্টেডিয়ামটো জিলা প্ৰশাসনে দখল কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে ৷ কৰ'ণা মহামাৰীৰ সময়ত ক্ৰিকেট উইকেটৰ ওপৰতেই জিলা প্ৰশাসনে হেলিপেড নিৰ্মাণ কৰাৰো অভিযোগ কৰিছে তেওঁ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত জিলা ক্ৰীড়া সন্থাই সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰে খেলুৱৈ গৰাকীয়ে ৷ খেলুৱৈ গৰাকীয়ে ষ্টেডিয়াম খনৰ পৰা হেলিপেড উঠাই দিবলৈ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে খেলুৱৈ গৰাকীয়ে ৷

লগতে পঢ়ক: 2021-ৰ নিৰ্বাচনত 103 খন আসন লাভ কৰিব বিজেপিয়ে : ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.