ETV Bharat / state

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি

ধুবুৰী জিলাত ভয়ানক ভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ 24 ঘণ্টাত জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা হ’ল 41 গৰাকী ৷

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি
ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি
author img

By

Published : Apr 27, 2021, 10:33 PM IST

ধুবুৰী, 27 এপ্ৰিল : ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে । জিলাখনত যোৱা 24 ঘণ্টাত ১৬৮৮ গৰাকী লোকক ৰেপিড এণ্টিজেণ্ট পৰীক্ষা কৰাৰ ফলত ৪০ গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ লগতে ৪১ গৰাকীক আৰটিপিচিআৰ পৰীক্ষাত ৩ গৰাকী দেহত ক'ৰণাৰ উপস্থিতি পোৱা যায়।

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি
ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি

ইয়াৰ লগে লগে জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২০১ গৰাকী লৈ বৃদ্ধি পায় । উল্লেখ্য যে, ধুবুৰী চহৰ খনৰ ২ নং ৱাৰ্ডৰ "ৰঙলী" নামৰ এপাৰ্টমেণ্টৰ সাত গৰাকীকৈ আৱাসীৰ দেহত ক'ভিড-১৯ অৱস্থিতি ধৰা পৰে ৷

বৰ্তমান জিলাখনত ১০ গৰাকী ক'ৰণা ৰোগী সুস্থহৈ উঠিছে । মন কৰিবলগীয়া যে প্ৰশাসনে আজিৰ পৰা নৈশ সান্ধ্য অইন জাৰি কৰাৰ পাচতে নিশা আঠ বজাৰ লগে লগে এক প্ৰকাৰ জনশূন্য হৈ পৰে ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে প্ৰতিটো ৰাজপথ ।

লগতে পঢ়ক: ৰূপহীহাট আৰক্ষীৰ জালত আইপিএলৰ জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.