ETV Bharat / state

ধুবুৰীত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

বিভিন্ন ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে যেন এতিয়া দুৰ্নীতি বন্ধ কৰিবলৈ একপ্ৰকাৰ ব্যৰ্থ হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা খনত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে বিয়াগোম দুৰ্নীতি । ধুবুৰী জিলা গড়কপ্তানি পথ সংমণ্ডলৰ এটা কোটি টকীয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যপক অনিয়ম দুৰ্নীতিৰ সংঘটিত হৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে ।

corruption in pwd road construction
corruption in pwd road construction
author img

By

Published : Sep 19, 2020, 6:22 AM IST

ধুবুৰী, 18 ছেপ্টেম্বৰ : দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বন্ধ হোৱা নাই দুৰ্নীতি । বিভিন্ন জিলাৰ লগতে নামনিৰ ধুবুৰী জিলাতো বিভিন্ন আঁচনি ৰূপায়ণৰ নামৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। তেনে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী গড়কপ্তানি পথ সংমণ্ডলৰ এটা কোটি টকীয়া পথ নিৰ্মাণত ।

corruption in pwd road construction
পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

বিভিন্ন ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে যেন এতিয়া দুৰ্নীতি বন্ধ কৰিবলৈ একপ্ৰকাৰ ব্যৰ্থ হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা খনত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে বিয়াগোম দুৰ্নীতি । ধুবুৰী জিলা গড়কপ্তানি পথ সংমণ্ডলৰ এটা কোটি টকীয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যপক অনিয়ম দুৰ্নীতিৰ সংঘটিত হৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে ।

উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ চাপগড় পঞ্চায়তৰ চাপগড় ফুলকুমাৰী গড়কপ্তানি পথ নিৰ্মাণৰ বাবে চৰকাৰে SOPD আঁচনিৰ অধীনত ২০১৯-২০ বৰ্ষত ১ কোটি ৩৩ লাখ ৮৯ হাজাৰ ১০৬ টকা মোকোলাই দিয়ে । কিছুদিন পূৰ্বে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে আবুল ফজল আব্দুল্লাহ নামৰ ঠিকাদাৰ জনে । তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ প্ৰথম এটা অংশ পকীকৰণৰ বিপৰীতে এটা অংশ চি চি ব্লকেৰে নিৰ্মাণ কৰা হ’ব পথটো । কিন্তু পূৰ্বৰ পকী পথৰ ওপৰেৰে নামমাত্ৰ মাটি শিল ছটিয়াই দায়িত্ব সামৰিছে ঠিকাদাৰে । ইপিনে আঁচনি মতে যি প্ৰকাৰৰ শিল আৰু বালি পেলাব লাগিছিল সেয়া নকৰি পথ নিৰ্মাণৰ বাবে অনুপযোগী অতি কম মূল্যৰ শিল আৰু নৈৰ বালিমাটি পেলাই পথ নিৰ্মাণৰ কাম চলোৱাৰ অভিযোগ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

ধুবুৰীত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ইপিনে স্থানীয় আবু হামজা নামৰ এজন সচেতন যুৱকে তথ্য জনাৰ অধিকাৰ আইন'০৫ৰ জৰিয়তে ৰূপায়িত আঁচনিৰ সবিশেষ তথ্য লাভ কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । কাৰণ সম্পূৰ্ণ আঁচনি বৰ্হিভূত ভাবে নিৰ্মাণ কৰি থকা হৈছে কোটি টকীয়া পথটো । ইপিনে আৰ টি আই তথ্যত গড়কপ্তানি বিভাগে উল্লেখ কৰা মতে, চৰকাৰে পথটো নিৰ্মাণৰ বাবে মুঠ ১ কোটি ৪৪ লাখ টকা আৱন্টন দিছে যদিও আচঁনিৰ নাম ফলকত ১ কোটি ৩৩ লাখ ৮৯ হাজাৰ ১০৬ টকা আৱন্টন দিয়া বুলি উল্লেখ কৰা হৈছে । কেৱল এয়াই নহয় পথটো আঁচনি মতে যিখিনি বহল হ’ব লাগিছিল সেয়াও কৰা হোৱা নাই বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

মুঠৰ ওপৰত নাম মাত্ৰ আঁচনি ৰূপায়ণ কৰি বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি লাখ লাখ আত্মসাৎ কৰিবলৈ ঠিকাদাৰে ফন্দি পাতিছে বুলি অভিযোগ তুলিছে ৰাইজে । এতিয়া পথটো আঁচনি মতেই নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে । যদিও জিলা প্ৰশাসন আৰু চৰকাৰ এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে নে নকৰে সেয়াই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বিষয় ।

লগতে পঢ়ক : অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.